অসম

assam

ETV Bharat / state

পাথৰিঘাটত বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক - নাঁওকটা

পাথৰিঘাট নাঁওকটা অঞ্চলৰ একমাত্ৰ প্ৰধান পথটোত পুখুৰী সদৃশ ঘাট । একাঠু একাঠু বোকাৰ মাজেৰেই যাতায়াত কৰিবলগীয়ৈ হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে । কিন্তু মেৰামতিৰ বাবে কোনো পদক্ষেপ লোৱা নাই স্থানীয় বিধায়কৰ লগতে গড়কাপ্তানী বিভাগে ।

পাথৰিঘাটৰ পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক

By

Published : May 29, 2019, 3:42 PM IST


বাক্সা, ২৯ মেঃকছুবাৰী নাঁওকটা পাথৰিঘাট গড়কাপ্তানী পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে সমগ্ৰ পাথৰিঘাটবাসীক । পথটোৰ মাজত থকা প্ৰকাণ্ড- প্ৰকাণ্ড গাঁতৰ বাবে সংঘটিত হৈছে দুৰ্ঘটনাৰ ।

পাথৰিঘাটৰ পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক

বাক্মা জিলাৰ পাথৰিঘাট গড়কাপ্তানী পথৰ নাঁওকটা চকৰ পশ্চিম দিশৰ প্ৰায় ১০০ মিটাৰ পথৰ শোচনীয় অৱস্থাই দীৰ্ঘদিনৰে পৰা ৰাইজক জ্বলা-কলা খুৱাইছে । গড়কাপ্তানী বিভাগৰ হেমাহীৰ বাবেই জহি-খহি গৈছে পথটো । নাঁওকটা অঞ্চলৰ একমাত্ৰ প্ৰধান পথটোৰ দুৰাৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে বহুলোক দুৰ্ঘটনাত পতিত হ'ব লগীয়া হৈছে । কিন্তু দীৰ্ঘ দিনধৰি স্থানীয় বিধায়কক ৰাইজে পথটো মেৰামতি কৰিবলৈ অনুৰোধ কৰিছিল যদিও কোনো পদক্ষেপ নোলোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ । উক্ত পথটো অতি শীঘ্ৰে মেৰামতি কৰি ৰাইজক যাতায়াতৰ বাবে সুচল কৰি দিবলৈ চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ কৰিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ।

লগতে আন এটি বাতৰি- পুখুৰীৰ ওপৰেদি চলিছে গাড়ী ! কেনেকৈ?

ABOUT THE AUTHOR

...view details