অসম

assam

By

Published : Sep 1, 2019, 10:48 PM IST

ETV Bharat / state

এন আৰ চিত নাম নথকা মুছলপুৰৰ দুটা বড়ো পৰিয়াল

চূড়ান্ত তালিকাত নাই খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম ৷ ঘটনাক এবছুৰ তীব্ৰ গৰিহণা ৷

এন আৰ চিত নাম নথকা মুছলপুৰৰ দুটা বড়ো পৰিয়াল

বাক্সা,1 ছেপ্তেম্বৰ:শনিবাৰে প্ৰকাশ পালে বহু প্ৰতীক্ষিত এন আৰ চিৰ চূড়ান্ত তালিকাখন৷ তাৰ পাছতে এতিয়া সমগ্ৰ ৰাজ্যতে এন আৰ চিক লৈ উঠিছে অসন্তুস্তিৰ জোৱাৰ ৷ এন আৰ চিত নাম অহা নাই বাক্সা জিলাৰ দুটা দুটা বড়ো পৰিয়ালৰ ৷ এইদৰে খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো পৰিয়ালৰ দুটাৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাত নহাত এতিয়া হতাশ হৈ পৰিছে পৰিয়াল দুটাৰ সদস্যসকল৷ তথ্য অনুসৰি দুয়োটা পৰিয়ালে বৰবৰীত থকা এন আৰ চিৰ সেৱা কেন্দ্ৰত সকলো নথি পত্ৰ জমা দিছিল যদিও সেৱা কেন্দ্ৰৰ তৰফৰ পৰা কোনো প্ৰাপ্তি ৰচিদ প্ৰদান নকৰিলে ৷ তাৰ পাছতো পৰিয়ালটো বহুবাৰ সেৱা কেন্দ্ৰলৈ গৈ প্ৰাপ্তি ৰচিদ বিচাৰিছিল যদিও এন আৰ চি কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীয়ে পৰৱৰ্তী সময়ত হৈ যাব বুলি আশ্বাস দিহে পঠায় দিয়ে৷ এন আৰ চিৰ চূড়ান্ত তালিকাত বড়ো পৰিয়ালৰ নাম নহা কাৰ্যক তীব্ৰ গৰিহণা দিছে বৰবৰী আঞ্চলিক এবছুয়ে ৷

এন আৰ চিত নাম নথকা মুছলপুৰৰ দুটা বড়ো পৰিয়াল

ABOUT THE AUTHOR

...view details