বাক্সা, ৬ জুলাইঃ বাক্সাত এন আৰ চিৰ কৰ্মচাৰীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন বিশ্বাসৰ । দুবাৰকৈ এন আৰ চিৰ শুনানিত উপস্থিত থকাৰ পিচতো বাদ পৰিল দুই পুত্ৰ কন্যাৰ নাম ৷
এন আৰ চিৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তিৰ অভিযোগ - বাক্সা
বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন বিশ্বাসৰ পুত্ৰ - কন্যাৰ নাম এন আৰ চিৰ বাদ পৰা তালিকাত সন্নিৱিষ্ট হোৱাত হতচকিত হৈ পৰিছে জনপ্ৰতিনিধি গৰাকী ।
উল্লেখ্য যে, এন আৰ চিৰ প্ৰথমখন খচৰা তালিকা প্ৰকাশৰ পিচতে প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন বিশ্বাস প্ৰকৃত ভাৰতীয় নহয় বুলি দুজন লোকে অভিযোগ কৰিছিল ৷ সেই অভিযোগৰ ওপৰত ভিত্তি কৰি বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গৰাকীয়ে দুবাৰকৈ শুনানিত উপস্থিত থাকি প্ৰকৃত ভাৰতীয়ৰ প্ৰমাণপত্ৰৰ তথ্য দাখিল কৰিছিল ৷ কিন্তু শেহতীয়াভাৱে ঘোষিত খচৰা তালিকাত জনপ্ৰতিনিধি গৰাকীৰ পুত্ৰ - কন্যাৰ নাম এন আৰ চিৰ বাদ পৰা তালিকাত সন্নিৱিষ্ট হোৱাত হতচকিত হৈ পৰিছে জনপ্ৰতিনিধি গৰাকী ৷ ৰবীন বিশ্বাসে অভিযোগ কৰি কয় যে, দুবাৰকৈ শুনানিত উপস্থিত থাকি তথ্য পাতি দিয়াৰ পিচতো নিজৰ পুত্ৰ কন্যাৰ নাম বাদ পৰিছে ৷ লগতে এন আৰ চিৰ শুনানিৰ নামতো এন আৰ চিৰ কৰ্মচাৰীৰ বাবে প্ৰকৃত ভাৰতীয় লোকসকল হাৰাশাস্তিৰ সম্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন বিশ্বাসে ৷
লগতে আন এটা বাতৰি - কেন্দ্ৰীয় বাজেট সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে ?