বাক্সা, 10 জুলাইঃ শেহতীয়াকৈ হোৱা ধাৰাষাৰ বৰষুণৰ প্ৰকোপত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ মহকুমাটোৰ ভাৰত-ভূটান সীমান্তৱৰ্তী শশীপুৰ-খৈৰাণী সংযোগী পথৰ ওপৰেদি পানী বাগৰাৰ লগতে বহু পৰিয়ালৰ বাসগৃহ ডুব যোৱাৰ উপৰিও খৈৰাণী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোও বানৰ কবলত পৰিছে ৷
বানৰ কবলত বাক্সাৰ খৈৰানী - Naba Saraniya the Traitor
9 জুলাইত গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত তিনিতৰপীয়া সতৰ্কতা ঘোষণা কৰিছিল ৷ অহা পাঁচদিনৰ বাবে বাক্সা জিলাতো অব্যাহত থাকিব হালধীয়া সতৰ্কতা ৷
![বানৰ কবলত বাক্সাৰ খৈৰানী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3799454-631-3799454-1562759828132.jpg)
ভয়ংকৰ বানৰ কৱলত বাক্সাৰ খৈৰানী অঞ্চল
ভয়ংকৰ বানৰ কৱলত বাক্সাৰ খৈৰানী অঞ্চল
উল্লেখ্য যে 9 জুলাইত গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত তিনিতৰপীয়া সতৰ্কতা ঘোষণা কৰিছিল ৷ অহা পাঁচদিনৰ বাবে বাক্সা জিলাতো অব্যাহত থাকিব হালধীয়া সতৰ্কতা ৷