বাক্সা, ২৯ জুনঃ বাক্সা জিলাৰ জাৰতালুকত প্ৰলয়ংকৰ বান । বানত ঘৰ-দুৱাৰৰ লগতে পশুধনৰ বিস্তৰ ক্ষতিসাধন ৷
দীৰ্ঘদিন ধৰি নেৰানেপেৰা বৰষুণৰ বাবে সমগ্ৰ জাৰতালুকৰ লগতে বহু অঞ্চলত এতিয়া প্ৰলয়ংকৰ বানৰ কৱলত পৰিছে । প্ৰৱল বৃষ্টিপাতৰ ফলত পাগলাদিয়া নৈৰ জলপৃষ্ঠ বৰ্তমান বিপদ সীমাৰ ওপৰৰে বৈছে । বানপানীৰ ফলত পাগলদিয়া নৈৰ দাঁতি কাষৰীয়া লোক সকলৰ ঘৰ-দুৱাৰ ,পশুধন আদিৰ বিস্তৰ ক্ষতি সাধন হয় । স্কুলীয়া ছাত্ৰ-ছাত্ৰী পানীৰ মাজেৰে বিদ্যালয়লৈ আহ-যাহ অব্যাহত ৰাখইছে । তাৰোপৰি মানুহৰ খাদ্যৰ অভাৱ হোৱাৰ লগতে খোৱা পানীৰ বাবেও হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বানাক্ৰান্ত সকলে পশুধনৰ সৈতে আশ্ৰয় লবলগীয়া হৈছে বিদ্যালয় চৌহদত ।