বাক্সা, ১৯ ফেব্ৰুৱাৰী:শুকুৰবাৰে অসম চৰকাৰে ধৰ্মানুষ্ঠান সমূহলৈ প্ৰেৰণ কৰা অসম দৰ্শন আঁচনিৰ অধীনত বাক্সা জিলাৰ ঐতিহ্য মণ্ডিত শ্ৰীশ্ৰী কুজিদেওঁৰ দেৱালয় আৰু শিলবাৰী-বাদুলিপৰাৰ সন্যাসী শিৱ ধামত দুখনকৈ ২০ লাখ টকীয়া আঁচনিৰ আধাৰশিলা স্থাপন কৰে চাপাগুৰি বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে । আধাৰশিলা স্থাপন কৰি বিধায়ক বসুমতাৰীয়ে মন্তব্য কৰে যে, অসমৰ বিভিন্ন আঞ্চলিক দল সমূহৰ সৈতে বিপিএফ দলে আলোচনা অব্যাহত ৰাখিছে । বিপিএফ দলে এইবাৰো ১১ খন আসন নিশ্চিতভাৱে লাভ কৰিব ।
অসমত বিপিএফ দলক লৈহে চৰকাৰ গঠন হ'ব বুলি দাবী বিধায়ক গৰাকীৰ । বৰ্তমান বিপিএফৰ বিজেপিৰ সতেই মিত্ৰতা আছে বুলি উল্লেখ কৰি বিধায়ক বসুমতাৰীয়ে পুনৰ কয় যে, চাপাগুৰি বিধানসভা সমষ্টিত মই বিপিএফৰ পৰা প্ৰাৰ্থীত্ব পোৱাটো ১০০ শতাংশ নিশ্চিত। মই সমষ্টিৰ বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষীৰ লোকৰ ৰাইজৰ যথেষ্ট সমৰ্থন পাই আহিছো যিহেতু মই নিশ্চিত ভাবে জয়ী হম ।
বাক্সাত অসম দৰ্শন আঁচনিৰ ২০ লাখ টকাৰ আধাৰশিলা স্থাপন আনহাতে, বিপিএফ দলক ভোট প্ৰদান কৰি দলক জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনাই বিপিএফ দলে চৰকাৰ গঠন কৰিলে আগৰ দৰে ৰাইজৰ উন্নয়নৰ কাম কৰি যাব বুলি উল্লেখ কৰি বিধায়ক বসুমতাৰীয়ে কয়, " চাপাগুৰি বিধান সভা সমষ্টিৰ আজি অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত ১০ লাখ টকাৰ দুখন আঁচনিৰ আধাৰশিলা স্থাপন কৰা হ'ল । এই আঁচনিৰ জৰিয়তে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী কুজিদেঁওৰ দেৱালয়ৰ মনিকুটৰ লগতে সন্যাসী শিৱ ধামৰ মন্দিৰ নিৰ্মাণ কৰাৰ পাছত মন্দিৰৰ প্ৰতি ভক্ত সকলৰ আকৰ্ষণ বাঢ়িব ।’
এই মন্দিৰ আৰু দেৱালয়ত ঈশ্বৰে ভক্তি ভাবেৰে সেৱা কৰা ভক্ত সকলৰ মন কামনা পূৰ্ণ কৰি আহিছে বুলি উল্লেখ কৰি বিধায়ক বসুমতাৰীয়ে কয়, চাপাগুৰি বিধান সভা সমষ্টিত ১৫ টা ধৰ্মীয় অনুষ্ঠিত দহ লাখ টকাকৈ অসম দৰ্শন আঁচনি অধীনত ধন আৱন্টন দিয়া হৈছে । ইয়াৰোপৰি নামঘৰ আৰু বাথৌ মন্দিৰৰ উপৰিও ব্ৰহ্মা মন্দিৰটো ২.৫ লাখ টকাকৈ আঁচনি ধৰা হৈছে । সভাত বিপিএফ দলৰ ককলাবাৰী ব্লক কমিটীৰ সভাপতি শংকৰ বসুমতাৰী, গধুলিগাঁৱ ভিচিডিচিৰ প্ৰাক্তন অধ্যক্ষ গোবিন্দ বড়ো, বিশিষ্ট সমাজ কৰ্মী নগেন দাস, অঞ্চলী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৰেশ্বৰ দাস, নয়নতৰা থিয়েটাৰৰ প্ৰযোজক নিকুঞ্জ দাস আদিকে কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়কঃএচিড আক্ৰমণৰ বলি হোৱা মহিলাৰ ওচৰত মন্ত্ৰী পিয়ুষ হাজৰিকা