অসম

assam

গোৰ্খা সকল বিদেশী লোক নহয়: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : May 18, 2022, 9:48 PM IST

বাক্সা জিলাৰ নিকাছিত অনুষ্ঠিত গোৰ্খাসকলৰ ২৭ সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশন (27th Annual Session of Gorkhas held in Baksa)| এই অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

assam-cm-attended-the-27th-triennial-kendriya-adhiveshan-of-asom-gorkha-sammelan-in-baksa
গোৰ্খা সকল বিদেশী লোক নহয়: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

বাক্সা, 18 এপ্ৰিল : বাক্সাৰ নিকাছিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বুধবাৰে অসম গোৰ্খা সন্মিলনৰ (Asom Gorkha Sammelan) 27 সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ (27th Annual Session of Gorkhas held in Baksa) মুকলি সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM Attended the 27th Triennial Kendriya Adhiveshan) ৷ অসম গোৰ্খা সন্মিলনৰ সভাপতি ৰাম প্ৰসাদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ‘‘যদি মৰিবলৈ ভয় নকৰা জাতি আছে, তেনেহলে সেই জতিটোৱে হৈছে গোৰ্খা সকল’’ বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ৷

এই মুকলি সভাত গোৰ্খাসকলৰ ইতিহাস বৰ্ণনা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে গোৰ্খাসকল অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ বুলিও মন্তব্য কৰে ৷ ‘‘ অসমত বসবাস কৰা বিভিন্ন খিলঞ্জীয়া জাতি সকলৰ ভিতৰত গোৰ্খাসকল অতি পুৰণি জনগোষ্ঠী । গোৰ্খা সকলক একাংশ লোকে বিদেশী বুলি ক'ব বিছাৰে, কিন্তু এয়া ভুল কথা’’ বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

গোৰ্খা সকল বিদেশী লোক নহয়: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মানৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ দিনৰে পৰা ইংৰাজৰ বিৰুদ্ধে কৰা স্বাধীনতা আন্দোলনলৈ গোৰ্খা সকলৰ অৱদান অনস্বীকাৰ্য্য বুলি স্বীকাৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে গোৰ্খা সকলৰ ভূমি সমস্যা, জাতিৰ প্ৰমাণ পত্ৰৰ সমস্যা, শিক্ষাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাসমূহ শীঘ্ৰে দূৰ কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে জাতিৰ প্ৰমানপত্ৰ গোৰ্খাসকলৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰিবলৈ নিৰ্দেশনা দিয়ে ৷ আনকি “ডি“ ভোটাৰৰ সন্দৰ্ভতো গোৰ্খাসকলক হাৰাশাস্তি নকৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আজিৰ এই সভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে গোৰ্খা উন্নয়ন পৰিষদৰ বাবে পচিশ কোটি টকাৰ এককালীন অনুদান ঘোষণা কৰে ।

এই সভাত বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে ভাষণ প্ৰদান কৰি বি টি আৰত মাটি-বাৰীকে ধৰি গোৰ্খা সকলে সন্মুখীন হৈ থকা বিভিন্ন সমস্যা সমূহ সমাধান কৰাৰ লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ত নেপালী ভাষাৰ বিভাগ এটা শীঘ্ৰে মুকলি কৰাৰ কথা ঘোষণা কৰে । উল্লেখ্য যে পুৱাৰ ভাগত অধিবেশনথলীৰ পৰা বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷

এই সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে গোৰ্খা উন্নয়ণ পৰিষদৰ উপাধ্যক্ষ ৰাম দাহালে ৷ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমাহাৰেৰে মিলনভূমিত পৰিণত নিকাছিৰ অধিবেশনথলীত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ, গোৰ্খা উন্নয়ন পৰিষদৰ সভাপতি প্ৰেম তামাংকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে ৷

লগতে পঢ়ক :বাক্সাৰ নিকাছিত অসম গোৰ্খা সন্মিলনৰ ২৭ সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশন

ABOUT THE AUTHOR

...view details