অসম

assam

By

Published : Jul 27, 2021, 8:06 AM IST

ETV Bharat / state

আচাম বুক অৱ ৰেকৰ্ডত বাক্সাৰ উপাসনা ঠাকুৰীয়াৰ

পাঠশালা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰী বৰমা পূৱ চ'কৰ উপাসনা ঠাকুৰীয়াই সৃষ্টিশীল প্ৰতিভাৰ বাবে "আচাম বুক অৱ ৰেকৰ্ডচ"ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।

Assam Book of Records by Upasana thakuria
আচাম বুক অৱ ৰেকৰ্ডত বাক্সাৰ উপাসনা ঠাকুৰীয়াৰ

বাক্সা, ২৬ জুলাই :২০১৯ বৰ্ষৰ পৰা চলি থকা মহামাৰী কৰ'ণা কেন্দ্ৰীক লকডাউনে সৰ্বস্তৰৰ লোকৰ ওপৰত প্ৰভাৱ পেলাইছে। বিশেষকৈ উঠি অহা নতুন প্ৰজন্মৰ শৈক্ষিক দিশক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে ৷ কিন্তু এনে লকডাউনৰ মাজতে এক বিশেষ প্ৰতিভা উন্মোচিত হ'ল বাক্সা জিলাৰ বৰমাত ।

বৰমা পূৱ চ'কৰ উপাসনা ঠাকুৰীয়া নামৰ এগৰাকী ছাত্ৰীয়ে সৃষ্টিশীল প্ৰতিভাৰ বাবে "আচাম বুক অৱ ৰেকৰ্ডচ"ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । পাঠশালা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী উপাসনা ঠাকুৰীয়া ৷ ২০১৯ চনৰ পৰাই উপাসনাই পেলনীয়া বটলত অংকন কৰি আহিছে বিভিন্ন ধৰণৰ ছবি ৷

আচাম বুক অৱ ৰেকৰ্ডত বাক্সাৰ উপাসনা ঠাকুৰীয়াৰ

ময়ুৰ, মহাদেৱ, বিভিন্ন ধৰণৰ ফুল আদি পেলনীয়া বটলত অংকন কৰি নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছে ছাত্ৰী গৰাকীয়ে । মহাভাৰতৰ প্ৰথম শ্লোকৰ তিলেৰে অংকন কৰি "আচাম বুক অৱ ৰেকৰ্ডচ"ত নাম অন্তৰ্ভুক্ত কৰিছে ছাত্ৰী গৰাকীয়ে ।

ছাত্ৰী গৰাকীৰ সফলতা গৌৰৱান্বিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে গাঁওবাসী ৷ সাংবাদিকৰ আগত আনন্দ প্ৰকাশ কৰি উপাসনাৰ পিতৃয়ে কয়, কোনো ক্ষেত্ৰতে উপাসনাক বাধা দিয়া নাই ৷ মনৰ ইচ্ছা অনুসৰি প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত উপাসনাক এটা পৰিবেশ দিয়া হৈছে বুলি মন্তব্য প্ৰকাশ কৰে উপাসনাৰ পিতৃয়ে ৷

লগতে পঢ়ক:অনিয়ন্ত্ৰণত অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি: মিজোৰ গুলীত নিহত 6 অসম আৰক্ষীৰ জোৱান

ABOUT THE AUTHOR

...view details