অসম

assam

ETV Bharat / state

কংগ্ৰেছে বিটিএডিত বড়ো-অবড়োৰ ভাগ-বতৰা কৰিছেঃ হিতেশ বসুমতাৰী

5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি, এজিপি আৰু বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই 63 নং চাপাগুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে ৷

By

Published : Apr 14, 2019, 10:31 AM IST

কংগ্ৰেছে বিটিএডিত বড়ো-অবড়ো ভাগ-বতৰা কৰিছে-হিতেশ বসুমতাৰী

বৰমা, 13 এপ্ৰিলঃ বিটিচি গঠনৰ পূৰ্বে এই অঞ্চলৰ যাতায়ত ব্যৱস্থা বহু পিছপৰা আছিল লগতে গাঁও সমূহৰ আন্তঃগাথনিও বহু দুৰ্বল আছিল ৷ একাংশ লোকে ৰাজনৈতিক ক্ষমতাৰ লোভত ৰাইজক বিপথে পৰিচালনা কৰি আহিছে- এই মন্তব্য চাপাগুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ ৷

কংগ্ৰেছে বিটিএডিত বড়ো-অবড়ো ভাগ-বতৰা কৰিছে-হিতেশ বসুমতাৰী

দেওবাৰে 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি, অগপ আৰু বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ 63 নং চাপাগুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে ৷ বৰমা বিধান সভা সমষ্টিৰ অন্তৰ্গত ম’হখুলী গাঁৱত নিৰ্বাচনী সভাত উপস্থিত থাকি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয় যে নৱ শৰণীয়াই বিটিএডিত বিভেদৰ বাহিৰে বিগত 5 বছৰে একো কাম কৰি দেখুৱাব নোৱাৰিলে ৷

ইয়াৰোপৰি ইউ জি ব্ৰহ্মক সমালোচনা কৰি কয় যে ছাত্ৰ সংগঠনক ফুচুলাই বড়োলেণ্ড অনাৰ যি মিচা প্ৰতিশ্ৰুতি দিছে ৰাইজে পিচতহে বুজি পাব লগতে বিপিএফ দলে বিটিচিত ঐক্য,শান্তি আৰু প্ৰগতিৰ কাৰণে কাম কৰি আহিছে আৰু কৰি যাব বুলিও ভাষণত কয় ৷

ABOUT THE AUTHOR

...view details