বাক্সা, 31 মেঃ বাক্সা উন্নয়ন খণ্ডৰ অন্তৰ্গত নিকাছী ভিচিডিচিত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ বাক্সা জিলাৰ নিকাছী ভিচিডিচিৰ বি ব্লক গাঁৱৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কামত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷
বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি!! - pradhanmantri abash yojna
জানিব পৰা মতে দুবছৰ পূৰ্বে আৰম্ভ হোৱা আবাস যোজনাৰ গৃহ নিৰ্মাণৰ কাম আজিও অসম্পূৰ্ণ ৷ গাঁওখনৰ দুই হিতাধিকাৰী আৰতি দাস আৰু ফলিন নাথৰ গৃহ নিৰ্মাণৰ কাম দুবছৰ পূৰ্বে আৰম্ভ হয় যদিও বৰ্তমানেও সম্পূৰ্ণ হৈ নুঠিল আবাস যোজনাৰ ঘৰ ৷
জানিব পৰা মতে দুবছৰ পূৰ্বে আৰম্ভ হোৱা আবাস যোজনাৰ গৃহ নিৰ্মাণৰ কাম আজিও অসম্পূৰ্ণ হৈ ৰৈছে ৷ গাঁওখনৰ দুই হিতাধিকাৰী আৰতি দাস আৰু ফলিন নাথৰ গৃহ নিৰ্মাণৰ কাম দুবছৰ পূৰ্বে আৰম্ভ হয় যদিও বৰ্তমানেও সম্পূৰ্ণ হৈ নুঠিল আবাস যোজনাৰ ঘৰ নিৰ্মাণৰ কাম ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি নিকাছী ভিচিডিচিৰ চেয়াৰমেনে গৃহ নিৰ্মাণৰ সম্পূৰ্ণ ধন আত্মসাৎ কৰাৰ লগতে সকলো তথ্য-পাতি হস্তগত কৰি নিজৰ খেয়ালখুচি মতে কাম কৰি আহিছে ফলত ঘৰৰ বাহিৰৰ বেৰ প্লাষ্টাৰ কৰাৰ বিপৰীতে ভিতৰভাগৰ কাম আজিও অসম্পূৰ্ণ ৷
উল্লেখ্য যে যি সময়ত ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে তেনে সময়তে বাক্সাত সংঘটিত হৈছে এটাৰ পিচত আনটো দুৰ্নীতি ৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি পৰিষদৰ ভিচিডিচিৰ চেয়াৰমেন সকলে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে ৰূপায়ণ কৰা আঁচনিৰ ধনো আত্মসাৎ কৰাৰ অভিযোগ ৷ যাৰ বাবে বিগত দুবছৰে অসম্পূৰ্ণ হৈ ৰৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ সমূহ ৷