বাক্সা,5 জুনঃ জীৱ জগতৰ একমাত্ৰ বসতিস্থল পৃথিৱীৰ পৰিবেশ বিশুদ্ধ কৰি ৰখাৰ বাবে মানুহক সজাগ কৰি তুলিবলৈ ১৯৭৩চনৰ ৫জুন তাৰিখৰ পৰা আজিৰ দিনটোতে বিশ্ব পৰিবেশ দিৱস হিচাবে পালন কৰি অহা হৈছে।
বিশ্ব পৰিবেশ দিৱসত বৃক্ষ ৰোপণ কাৰ্যসূচী - জি আৰ গোৰ্খা ৰেজিমেন্ট
বুধবাৰে পুৱা ৯ বজাৰ পৰা কেম্পটোৰ চৌহদৰ পিছফালে "হাৰবেল গাৰ্ডেন" নামেৰে এখন বাগান প্ৰতিষ্ঠা কৰে
বিশ্ব পৰিবেশ দিৱস উপলক্ষে পঞ্চম জি আৰ গোৰ্খা ৰেজিমেন্টৰ বৃক্ষ ৰোপণ কাৰ্যসূচী
সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাস্থিত পঞ্চম জি আৰ গোৰ্খা ৰেজিমেন্টৰ উদ্যোগতো বৃক্ষ ৰোপণ কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । বুধবাৰে পুৱা ৯ বজাৰ পৰা কেম্পটোৰ চৌহদৰ পিছফালে "হাৰবেল গাৰ্ডেন" নামেৰে এখন বাগান প্ৰতিষ্ঠা কৰে ।
বৃক্ষ ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে পঞ্চম জি আৰ ৰেজিমেন্টৰ লেফন্টেন ৰাকেশ গিৰিয়ে আৰু সহযোগ কৰে চুবেদাৰ টেকাৰাম থাপা ৷ এই কাৰ্যসূচীত কেম্পটোৰ সৈনিকসকলো উপস্থিত থাকে ।
Last Updated : Jun 5, 2019, 3:10 PM IST