অসম

assam

ETV Bharat / state

বানত বিধ্বস্ত কৃষিভূমি,দিক্ভ্ৰষ্ট কৃষিজীৱি - goreswor

গোৰেশ্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত বানে বিধ্বস্ত কৰা অঞ্চল সমূহত পুঠিমাৰী আৰু শুক্লা নৈৰ পানীয়ে ধুই বিধ্বস্ত কৰাৰ পাচত মূৰে কপাঁলে হাত দিব লগীয়া পৰিস্হিতিৰ উদ্ভৱ হৈছে অঞ্চলটোৰ কৃষকৰাইজৰ মাজত ৷

বানত বিধ্বস্ত কৃষিভূমি,দিক্ভ্ৰষ্ট কৃষিজীৱি

By

Published : Jul 28, 2019, 4:05 PM IST

গোৰেশ্বৰ, 28 জুলাইঃ সমগ্ৰ ৰাজ্যতেই এক বিভীষিকাৰ সৃষ্টি কৰাৰ পাছত অসমত এতিয়া বান পৰিস্থিতি কিছু সুস্থিৰ হৈছে ৷ ক্ষান্ত হৈছে বুঢ়া লুইত অৰু উপনদী সমূহ । তথাপিও বানে ধুই নিয়া অঞ্চল সমূহত এতিয়াও শেষ হোৱা নাই বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্গতিৰ । কেইদিনমান আগলৈকে সেউজীয়া সপোনেৰে ভৰি থকা পথাৰ সমূহত এতিয়া কেৱল বানে দি যোৱা বালিৰ দলিচা । বিধ্বস্ত হ'ল ঠন ধৰি উঠা ধান,কল, জিকা, ভোল, কোমোৰাৰ খেতি সমূহ । ইয়াৰ পৰা ব্যতিক্ৰম নহয় বাক্সা জিলাৰ তামোলপুৰৰ গোৰেশ্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত বানে বিধ্বস্ত কৰা অঞ্চল সমূহো । ৰাজহচক্ৰটোৰ অন্তৰ্গত কেইবাখনো গাওঁ পুঠিমাৰী আৰু শুক্লা নৈৰ পানীয়ে ধুই বিধ্বস্ত কৰাৰ পাচত মূৰে কপাঁলে হাত দিব লগা হৈছে অঞ্চলটোৰ কৃষকৰাইজে। শাওনৰ ৰোৱনিয়ে ভৰি থকা পথাৰ খন এতিয়া কঠিয়াৰ অভাৱে উদং কৰি ৰাখিছে। বালিৰ দ'মৰ মাজত দিক-বিদিক হেৰুৱাই ভৱিষ্যতে পৰিয়ালটো চলোৱাৰ বাবে চিন্তিত হৈ পৰিছে অঞ্চলটোৰ কৃষিজীৱি লোকসকল। অঞ্চলটোৰ ৰাইজৰ চৰকাৰলৈ অনুৰোধ, ক্ষতি হোৱা কৃষিৰ ক্ষতিপূৰণ আৰু কঠিয়াৰ যোগান ধৰি ভৱিষ্যতৰ বাবে সাজু হ'বলৈ তেওঁলোকক যেন সাহস দিয়ে চৰকাৰে।

বানত বিধ্বস্ত কৃষিভূমি,দিক্ভ্ৰষ্ট কৃষিজীৱি

ABOUT THE AUTHOR

...view details