বাক্সা,6 ফেব্ৰুৱাৰী: গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়,অসম বিজ্ঞান সমিতিৰ উদ্যোগত আৰু মেৰকুছি হাইস্কুলৰ সহযোগত কৃষকৰ আয় দুগুণ কৰাৰ উদ্দেশ্যে বাক্সা জিলাৰ মেৰকুছিত শুকুৰবাৰে অনুষ্ঠিত হয় এখন জাগৃতি সভা ৷ এই জাগৃতি সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে । সভাত অংশগ্রহণ কৰি ড° বিদ্যুত চন্দন ডেকাই সংবাদ মাধ্যমক কয় যে, "সম্প্ৰতি কৃষি আইন বাতিল কৰাৰ দাবীত চলি থকা কৃষক আন্দোলন ৰাজনৈতিকভাৱে পৰিচালিত হৈছে ৷
কৃষি বিলকেইখনত সন্নিবিষ্ট দফা সমুহে কৃষক সকলক ক্ষতি কৰাৰ বিপৰীতে উৎসাহিতহে কৰিব ৷ মধ্যভোগী সকলৰ লোকচান হোৱাৰ বাবেহে এই কৃষক আন্দোলনৰ সূত্ৰপাত হৈছে বুলি মন্তব্য কৰে ৷ বিশেষকৈ পঞ্জাৱ, হাৰিয়ানা, পশ্চিম উত্তৰ প্ৰদেশৰ মধ্যভোগী সকলে পূৰ্ৱে যিটো লাভ পাবলৈ সক্ষম হৈছিল, এতিয়া কেন্দ্ৰীয় চৰকাৰে কৃষি বিল তিনিখন প্ৰনয়ন কৰাত তেওঁলোকৰ লাভ কমি যোৱাৰ বাবে মধ্যভোগীসকলেহে এই আন্দোলন আৰম্ভ কৰিছে ৷" প্ৰকৃত কৃষকসকলক এই বিল কেইখনে লাভান্বিত কৰাৰ লগতে মধ্যভোগীসকল লোকচানৰ সম্মুখীন হ'ব বুলি উল্লেখ কৰাৰ লগতে "কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা বিল কেইখনে অসম তথা উত্তৰপূৰ্বাঞ্চলৰ কৃষকসকললৈ সুদিন কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে ৷