অসম

assam

ETV Bharat / state

বাক্সাত অসম নাট্য সন্মিলনৰ অধিবেশন আৰু নাট প্ৰতিযোগিতা আৰম্ভ - বিধায়ক থানেশ্বৰ বসুমতাৰী

বাক্সাত আজিৰে পৰা অসম নাট্য সন্মিলনৰ ৰত্নপীঠ মণ্ডলৰ মধ্যকালীন অধিবেশন আৰু নাট প্ৰতিযোগিতা আৰম্ভ হৈছে ৷ ইতিমধ্যে চাপাগুৰি বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে আনুষ্ঠানিক ভাৱে মুখ্যদ্বাৰ উন্মোচন কৰে ৷

nattya sanmilon bigin At BAksha
বাক্সাত অসম নাট্য সন্মিলনৰ অধিবেশন আৰু নাট প্ৰতিযোগিতা আৰম্ভ

By

Published : Jan 23, 2021, 3:28 PM IST

বাক্সা,23 জানুৱাৰী: বাক্সা জিলাৰ অসম নাট্য সন্মিলনৰ অঞ্চলিক শাখাৰ উদ্যোগত আৰু বাক্সা জিলা সমিতিৰ সহযোগত ৰত্নপীঠ মণ্ডলৰ মধ্যকালীন অধিবেশন খন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । এই অধিবেশনৰ মুখ্যদ্বাৰ উন্মোচন কৰে চাপাগুৰি বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে ৷ ইয়াৰ পিচতে অসম নাট্য সন্মিলনৰ ৰত্নপীঠ মণ্ডলৰ সভাপতি জয়ন্ত হাজৰিকাই পতাকা উত্তোলন কৰে ।

বাক্সাত অসম নাট্য সন্মিলনৰ অধিবেশন আৰু নাট প্ৰতিযোগিতা আৰম্ভ

পতাকা উত্তোলন কৰি সভাপতি হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে " অসম নাট্য সন্মিলনৰ শাখা সমূহক বিভিন্ন গীত মাতৰ জড়িয়তে উৎসাহিত কৰাৰ বাবে এই অধিবেশন অনুষ্ঠিত কৰি অহা হয় ৷ যাতে এই গীত মাত নৃত্যৰে সকলো শিল্পী,কলা-কুশলী ব্ৰহ্মপুত্ৰৰ দৰে বহ্নিমান হৈ জিলিকি থাকে ।

১৯৫৭ চনতে ডিব্ৰুগড় জিলাত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই অসম নাট্য সন্মিলনৰ জন্ম দিছিল । "অসম নাট্য সন্মিলনৰ বাক্সা জিলা সমিতিৰ সভাপতি লক্ষী ৰাজবংশীয়ে স্মৃতি তৰ্পণ কৰাৰ পাছত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন হয় । অধিবেশনৰ লগত সংগতি ৰাখি দুপৰীয়া ছাত্ৰ ছাত্রীৰ মাজত এখন চিত্ৰাঙ্কণ প্ৰতিযোগিতাও অনুষ্ঠিত কৰে উদ্যোক্তা সকলে ।

লগতে পঢ়ক- বাক্সা জিলা এবছুৰ 16 তম অধিবেশন আৰম্ভ

ABOUT THE AUTHOR

...view details