বাক্সা,22 জুনঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত লতিবাৰী-বালিশীহা সংযোগী পথৰ দুৰৱস্থা ৷ শেহতীয়াকৈ বৰলীয়া নদীৰ ওপৰত থকা এখন দলং,নদীৰ বাঢ়নী পানীয়ে ভাঙি নিয়াত একপ্ৰকাৰ ব্যাহত হৈ পৰিছে অঞ্চলটোৰ যাতায়ত ৷ যাতায়তৰ বিকল্প ব্যৱস্থা নথকাত দলঙৰ চিঙি যোৱা অংশত বাঁহ পাৰি অতি বিপজ্জনক ভাৱে যোগাযোগ অব্যাহত ৰাখিছে অঞ্চলটোৰ ৰাইজে ৷
পদে পদে বিপদৰ শংকা, যিকোনো মূহুৰ্ততে ঘটিব পাৰে ভয়ংকৰ ঘটনা - লতিবাৰী-বালিশীহা সংযোগী পথ
তামুলপুৰ মহকুমাৰ অন্তৰ্গত লতিবাৰী-বালিশীহা সংযোগী পথত যাতায়তৰ বিকল্প ব্যৱস্থা নথকাত দলংৰ চিঙি যোৱা অংশত বাঁহ পাৰি অতি বিপজ্জনক ভাৱে পাৰ হৈছে অঞ্চলটোৰ ৰাইজ
![পদে পদে বিপদৰ শংকা, যিকোনো মূহুৰ্ততে ঘটিব পাৰে ভয়ংকৰ ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3632537-thumbnail-3x2-oppo.jpg)
তামুলপুৰৰ বৰলীয়া নদীৰ ঢলে উটুৱাই নিলে দলঙৰ অংশ
তামুলপুৰৰ বৰলীয়া নদীৰ ঢলে উটুৱাই নিলে দলঙৰ অংশ
উল্লেখ্য যে,বৰলীয়া নদীৰ ওপৰত ২০১২ চনতে অপৰিকল্পিতভাৱে এখন দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও অসম্পূৰ্ণ অৱস্থাত আছিল দলংখন ৷ পৰৱৰ্তী সময়ত ৰাইজে গাঁঠিৰ ধন ভাঙি কংক্ৰীটৰ ওপৰত বাঁহৰ দলং সাজি অব্যাহত ৰাখিছিল যাতায়ত ৷ কিন্তু বাৰিষাৰ নদীৰ ঢলে তামোলপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত তাণ্ডৱ চলাই উটুৱাই লৈ যায় বাট-পথ তথা দলং ৷ বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত শীঘ্ৰেই গুৰুত্ব প্ৰদানৰ দাবী জনাইছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ বটদ্ৰৱাত মাহী মাকৰ দাৰ ঘাপত আহত পুত্ৰ