অসম

assam

তামুলপুৰত ইউ পি পি এলৰ মহিলা গোটৰ উদ্যোগত সজাগতা সভা

By

Published : Nov 18, 2020, 7:26 PM IST

বাক্সাৰ তামুলপুৰত গয়বাৰী ব্লক ইউ পি পি এলৰ মহিলা গোটৰ উদ্যোগত মহিলা সবলীকৰণ বিষয়ক সজাগতা সভাৰ আয়োজন। মহিলা আত্মসহায়ক গোটক লৈ অনুষ্ঠিত এই সভাত উপস্থিত থাকে এবছুৰ সভাপতি দ্বীপেন বড়ো। আত্ম সহায়কৰ গোটৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয়।

তামুলপুৰত ইউ পি পি এলৰ মহিলা গোটৰ উদ্যোগত সজাগতা সভা
তামুলপুৰত ইউ পি পি এলৰ মহিলা গোটৰ উদ্যোগত সজাগতা সভা

বাক্সা, ১৮ নৱেম্বৰ: বুধবাৰে বাক্সাৰ তামুলপুৰৰ ৰাজহুৱা উদ্যানত মহিলা সবলীকৰণৰ বিষয়ে অৱগত কৰি মহিলাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে সজাগতা সভাৰ আয়োজন কৰা হয়। গয়বাৰী ব্লক ইউ পি পি এলৰ মহিলা গোটৰ উদ্যোগত অনুষ্ঠিত হয় এই সজাগতামূলক সভা। বিভিন্ন মহিলা আত্ম সহায়ক গোটক লৈ এই সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকি এবছুৰ সভাপতি দ্বীপেন বড়োৱে মহিলাসকলক সামাজিক, শৈক্ষিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি সকলো দিশতে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগায়। তেওঁ কয় যে, 'অসমৰ ৩ কোটি ২৫ লাখ জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰে৷ ইয়াৰ এটি অংশহে মহিলা৷

তামুলপুৰত ইউ পি পি এলৰ মহিলা গোটৰ উদ্যোগত সজাগতা সভা

আনহাতে বিটিআৰ অঞ্চলত বসবাস কৰা মহিলাসকল যেতিয়ালৈকে শিক্ষিত নহ'ব তেতিয়ালৈকে কৰ্ম ৰ্সংস্কৃতি উন্নত নহ'ব আৰু তেতিয়ালৈকে আমাৰ উন্নয়নো নহ'ব৷ চৰকাৰে আত্ম সহায়ক গোটবোৰক যিবোৰ সুবিধা দিছে সেই সুবিধা আমি পাইছো নে নাই এইবোৰ আমি জানিব লাগিব৷' এই বিষয়বোৰ আলোচনা কৰাৰ বাবেই এই সজাগতা সভাৰ আয়োজন কৰা হৈছে। লগতে এবছুৰ সভাপতিগৰাকীয়ে কয় যে, 'একাংশ মহিলাই দিনে ৰাতিয়ে কাম কৰিছে, শাক-পাচলি বিক্ৰী কৰিছে৷ দিন হাজিৰা কৰিছে, তামোল-পাণ বিক্ৰী কৰিছে৷ মহিলাসকলে যি কামেই নকৰক কিয় সকলোকে সকলো কামৰ সন্মান, মৰ্যদা আমি দি আহিছো৷'

এই সজাগতা সভাত অসম ডনবস্ক' বিশ্ববিদ্যালয়ৰ অধ্যাপক মনজিৎ বড়ো, শক্তিশালী দল গঠনৰ কাৰণে চিন্তা সমন্বয়ক অবিনাশ নাৰ্জাৰী, যুৱ উদ্যোক্তা মাৰ্দ দৈমাৰী আৰু কিৰণ বড়োৱে ক্ৰমে সামাজিক নেতৃত্ব, আত্মসহায়কৰ গোটৰ আঁচনি আৰু এই আঁচনি ৰূপায়ণৰ নামত হোৱা দুৰ্নীতি আদি বিষয় সন্দৰ্ভত বক্তব্য আগবঢ়ায়। এই সজাগতা সভাত গয়বাৰী ব্লক ইউ পি পি দলৰ মহিলা গোটৰ সভানেত্ৰী ৰুমা বড়ো, সম্পাদিকা ৰেখা বড়োৰ লগতে গয়বাৰী অঞ্চলৰ আত্মসহায়ক গোটসমূহৰ তিনি সহস্ৰাধিক মহিলা উপস্থিত থাকে ৷

লগতে পঢ়ক:সাংবাদিকক নিৰাপত্তাৰ প্ৰদানৰ দাবীত প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ

ABOUT THE AUTHOR

...view details