বাক্সা, ৩০ অক্টোবৰ: পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাক্সাৰ বগামাটি। শীতৰ প্ৰথম পৰশত ন-ৰূপত প্ৰাণ পাই উঠিছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বগামাটি। ভাৰত-ভূটান সীমান্তৰ বাক্সা আৰু ওদালগুৰি জিলাৰ মাজমজিয়াত অৱস্থিত পৰ্যটনস্থলীখনলৈ যোৱা পথটো বিগত বছৰত ভূটানৰ পৰা বৈ অহা খৰস্ৰোতা বৰনদীৰ বানে বিধ্বস্ত কৰিছিল। ফলত যাতায়াতৰ ক্ষেত্ৰত পৰ্যটকে হাৰাশাস্তি ভূগিবলীয়া হয়।
পৰ্যটকৰ সুবিধাৰ্থে বগামাটিলৈ যোৱা পথ মেৰামতি কৰিছে গেৰেমেচা সংস্থাই সেয়ে, বগমাটিৰ গেৰেমছা নামৰ সংস্থাটোৱে জৰাজীৰ্ণ পথ মেৰামতিৰ কাম কৰিছে। প্ৰদীপ বসুমতাৰীৰ নেতৃত্বত তামুলপুৰৰ পৰা নাগ্ৰীজুলি, গুৱাবাৰী হৈ বগমাটিলৈ যোৱা কেইবা কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ আশে-পাশে থকা হাবি-বন কাটি চাৰিচকীয়া আৰু দুচকীয়া সকলো ধৰণৰ বাহন চলাচল কৰিব পৰাকৈ ব্যৱস্থা কৰাৰ লগতে আৰু পাৰ্কিং কেন্দ্রও গঢ়ি তুলিছে।
পৰ্যটকৰ সুবিধাৰ্থে বগামাটিলৈ যোৱা পথ মেৰামতি কৰিছে গেৰেমেচা সংস্থাই পৰ্যটকসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবেও সংস্থা দুটাই সচেতনতা অৱলম্বন কৰিব বুলি জানিবলৈ দিছে। বনভোজস্থলীৰ উপৰিও বৰ্তমান দু:সাহসিক ক্ৰীড়াস্থলী ৰূপেও জনাজাত হৈ পৰিছে বগামাটি। এই নতুন দু:সাহসিক ক্ৰীড়াস্থলীয়ে অসমৰ পৰ্যটন উদ্যোগটো জীপাল কৰি তোলাৰো বিপুল সম্ভাৱনা আছে। বগামাটিত নৌকা বিহাৰ, ৰাফটিং, জিপ লাইন, নৈশ যাপন, জংঘল ট্ৰেকিং কৰিব পৰাকৈ গ্ৰীণ ট্ৰেক এডভেন্সাৰ নামৰ সংস্থাটোৱে বিগত কেইবাবছৰ ধৰি বিশেষ অৰিহণা যোগান ধৰি আহিছে।
পৰ্যটকৰ সুবিধাৰ্থে বগামাটিলৈ যোৱা পথ মেৰামতি কৰিছে গেৰেমেচা সংস্থাই দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটা বগামাটিত বৌদ্ধ মুৰ্তি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। অসমত এক প্ৰকাৰ বিলুপ্তিপ্ৰায় হোৱা বিভিন্ন প্ৰজাতিৰ পক্ষী দেখিবলৈ পোৱা যায় এই বগামাটিত। ইপিনে, গাহৰি মাংস পোৰাৰ পৰা আৰম্ভ কৰি প্ৰায়বোৰ থলুৱা আৰু জনজাতীয় খাদ্য সম্ভাৰ উপলদ্ধ হয় বগামাটিত। বছৰটোৰ শেষত প্ৰকৃতিৰ কোলাত এসাঁজ খোৱাৰ হাবিয়াসেৰে অহা পৰ্যটকৰ বাবে সকলোখিনি উপলব্ধ কৰাবলৈ সাজু হৈছে প্ৰকৃতিৰাণী বগামাটি।
ভূটানৰ পৰা কুল কুল শব্দৰে বৈ অহা বৰনদীৰ শীতল আৰু নিৰ্মল পানীয়ে পৰ্যটকৰ মন মুহিবলৈ সক্ষম হৈছে। এইবছৰ লকডাউন আৰু মহামাৰীৰ বাবে দুয়োটা সংস্থাই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। দুয়োটা সংস্থাই এইবাৰ পৰ্যটকক প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ আৰু উচ্চস্তৰৰ মিউজিক নবজাবলৈ আহ্বান জনাইছে। নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ বগামাটিত পৰ্যটকে অধিক ভিৰ কৰে। বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰ গড়কাপ্টানী পথেৰে নতুবা ৰঙিয়া, তামুলপুৰ নাগ্ৰীজুলি ,গুৱাবাৰী পথেৰে যাব পৰা যায় বগামাটিলৈ।
লগতে পঢ়ক:মহানগৰীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ 12 টা বছৰ সম্পূৰ্ণ