অসম

assam

ETV Bharat / state

বাক্সাৰ কচুবাৰীত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

বাক্সাৰ তামুলপুৰৰ কচুবাৰীত পথ নিৰ্মাণৰ নামত ভেঁকোভাওনা। পথ নিৰ্মাণত সঠিকভাৱে ভঙা শিল ব্যৱহাৰ নোহোৱাৰ অভিযোগ ৰাইজৰ। নিৰ্মাণকাৰ্যত নিযুক্ত মহৰীয়ে স্বীকাৰ কৰিলে অনিয়ম সংঘটিত হোৱাৰ কথা। ক্ষুদ্ধ ৰাইজে বন্ধ কৰিলে পথ নিৰ্মাণৰ কাম।

By

Published : Oct 29, 2020, 3:05 PM IST

বাক্সাৰ কচুবাৰীত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ
বাক্সাৰ কচুবাৰীত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

বাক্সা, ২৯ অক্টোবৰ: বাক্সাৰ তামুলপুৰৰ কচুবাৰীত গড়কাপ্তানী বিভাগ আৰু ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে। কচুবাৰী আৰু ঢেঁকীপোতা সংযোগী পথ নিৰ্মাণ বিভাগীয় কৰ্তৃপক্ষই নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে কচুবাৰীবাসীয়ে।

নিৰ্মাণ কাৰ্যত ভঙা শিল সঠিকভাৱে ব্যৱহাৰ হোৱা নাই বুলি অভিযোগ তুলি ঠিকাদাৰৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ ৰাইজে বন্ধ কৰিলে পথ নিৰ্মাণৰ কাম। ঠিকাদাৰ চক্ৰ সিং মুছাহাৰীয়ে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলিছে।

আনহাতে,পথ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ কথা স্বীকাৰ কৰিলে পথ নিৰ্মাণৰ কামত নিযুক্ত মহৰীয়ে। শীঘ্ৰে নীতি-নিয়মৰ মাজেৰে সঠিকভাৱে পথটো নিৰ্মাণ কৰিবলৈ দাবী জনালে স্থানীয় ৰাইজে।

লগতে পঢ়ক:ডিব্ৰুগড়ত দীনদয়াল অন্তোদয়া যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আৰম্ভ

ABOUT THE AUTHOR

...view details