অসম

assam

ETV Bharat / state

বাক্সাৰ কুমাৰীকাটাত বন্যহস্তীৰ উপদ্ৰৱ - কুমাৰীকাটাৰ

বাক্সাৰ কুমাৰীকাটাৰ চেঁচাপানী,কুমাৰপাৰা,শান্তিপুৰত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত। ২০০টা হাতীৰ বৃহৎ জাকে উপদ্ৰৱ চলাই আতংকিত কৰিছে ৰাইজক। হাতীয়ে খাই,গচকি নষ্ট কৰিছে বিঘাই বিঘাই ধান খেতি।

বাক্সাৰ কুমাৰীকাটাত বন্যহস্তীৰ উপদ্ৰৱ
বাক্সাৰ কুমাৰীকাটাত বন্যহস্তীৰ উপদ্ৰৱ

By

Published : Nov 6, 2020, 12:25 PM IST

বাক্সা, ৬ নৱেম্বৰ: বন্যহস্তীয়ে টোপনি হৰিছে বাক্সাৰ কুমাৰীকাটাৰ ৰাইজৰ। কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ চেঁচাপানী,কুমাৰপাৰা,শান্তিপুৰত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। নিতৌ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহে বন্যহস্তীৰ জাক। বৃহস্পতিবাৰে নিশাও ২০০ হাতীৰ বৃহত্ জাকে চেঁচাপানী, কুমাৰপাৰা,শান্তিপুৰত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়। পথাৰৰ ধান খোৱাৰ লগতে গচকি তচনচ কৰে।

বাক্সাৰ কুমাৰীকাটাত বন্যহস্তীৰ উপদ্ৰৱ

বাৰীৰ তামোল গছো ভাঙি পেলায় বনৰীয়া হাতীয়ে। বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে স্থানীয় ৰাইজে। আনহাতে,হাতী খেদাত ব্যৰ্থ হৈছে বন বিভাগৰ লোক। উল্লেখ্য় যে,দুদিন পূৰ্বে এই অঞ্চলতে হাতীৰ আক্ৰমণত এজন যুৱক নিহত হৈছিল। সেয়ে,এতিয়া হাতীৰ খেদাৰ ব্যৱস্থা কৰিব নোৱাৰি শংকিত হৈ পৰিছে কুমাৰীকাটাবাসী।

লগতে পঢ়ক:মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত সুধাকন্ঠক সশ্ৰদ্ধ স্মৰণ

ABOUT THE AUTHOR

...view details