বাক্সা, ৩ এপ্ৰিল :ৰঙালী বিহুটিলৈ মাজত মাত্ৰ কেইটিমান দিন ৷ ঢোল, পেঁপা আৰু গগনাৰ গুমগুমনিত ইতিমধ্যে ৰজনজনাই গৈছে ৰাজ্যৰ ভিন্ন অঞ্চল ৷ দুই বছৰ পিচত হেঁপাহৰ বিহুটিক আদৰিবলৈ চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি ৷ ইতিমধ্যে বাঁহী নিৰ্মাতা সকলেও নিৰ্মাণ কৰিছে বাঁহী ৷ মুছলপুৰৰ অন্তৰ্গত ৰামপুৰ নাথকুছিৰ সতীশ ৰামচিয়াৰীও ব্যস্ত হৈ পৰিছে বাঁহী নিৰ্মাণত (Flute making in Baksa) ৷
দৈনিক বিভিন্ন স্কেলৰ বাঁহী নিৰ্মাণ কৰিছে সতীশ ৰামচিয়াৰীয়ে ৷ সতীশ ৰামচিয়াৰীৰ লক্ষ্য বিহুৰ বতৰত সহস্ৰাধিক বাঁহী বিক্ৰী কৰাৰ (sale of flute in Bihu season) ৷ কিয়নো, কৰ’ণা মহামাৰীৰ বাবে বিগত দুটা বছৰ অনুষ্ঠিত নহ'ল ৰঙালী বিহু ৷ এইবাৰ ক'ভিদৰ সকলো নীতি নিয়ম শিথিল হোৱাত বাঢ়িছে বাঁহীৰ চাহিদা ৷ এশৰ পৰা এহেজাৰ টকালৈ বিক্ৰী কৰিছে একোটা বাঁহী ৷