বাক্সা, ৫ অক্টোবৰ:ছিকিমত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ বানত সন্ধানহীন অসমৰ এজন সেনা জোৱান । সেনা জোৱানজন বাক্সাৰ আনন্দ বজাৰৰ মিটু কলিতা বুলি জানিব পৰা গৈছে । আলিপুৰ দুৱাৰত কৰ্মৰত নিয়োজিত হৈ আছিল ভাৰতীয় সেনা জোৱান মিটু কলিতা ৷ বিভাগীয় নিৰ্দেশ অনুসৰি গৈছিল ছিকিমলৈ জোৱানজন ।
মিটু কলিতাই কৰ্মসূত্ৰে আলিপুৰ দুৱাৰৰ পৰা ছিকিমলৈ গৈ থকাৰ কথা জনাইছিল কণিষ্ঠ ভাতৃক । ছিকিমৰ পৰা ওভতাৰ পথত সংঘটিত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণত ২২ জন সেনা জোৱানসহ মিটু কলিতা সন্ধাহীন হোৱা বুলি অনুমান কৰা হৈছে । মিটু কলিতাৰ বৰ্তমানলৈ কোনো তথ্য লাভ কৰা নাই পৰিয়ালৰ লোকে ।
উল্লেখ্য যে, বুধবাৰে পুৱা উত্তৰ ছিকিমৰ লোনাক হ্ৰদৰ ওচৰত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত ২৩ গৰাকী সেনা জোৱানসহ সন্ধানহীন হৈছিল ১০২ লোক ৷ বৃহস্পতিবাৰে সন্দিয়া পৰ্যন্ত তিস্তা নদীৰ পৰা ১৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ।