বাক্সা, 20 জুলাই: গোপন সূত্ৰই প্ৰদান কৰা তথ্যৰ ভিত্তিত বাক্সাৰ শিমলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৈমাৰীৰ নেতৃত্বত এটা দলে,শিমলাত অভিযান চলাই উদ্ধাৰ কৰে কেইবাটাও মাৰণাস্ত্ৰ ৷ মাটিত পুতি থোৱা অৱস্থাত শিমলাত আৰক্ষীয়ে উদ্ধাৰ কৰে মাৰণাস্ত্ৰ সমূহ ৷ অভিযানত উদ্ধাৰ হয় এটা AK 47, এটা মেগজিন আৰু 39 জাই সজীৱ গুলী ৷
বাক্সা জিলাৰ দুটাকৈ স্থানত উদ্ধাৰ মাৰণাস্ত্ৰ - বাক্সা জিলা
শিমলা আৰক্ষী থানাৰ লগতে গোৰেশ্বৰ আৰু সুৱাগপুৰ আৰক্ষীয়ে চলোৱা এক অভিযানত শিমলা আৰু গোৰেশ্বৰৰ পৰা উদ্ধাৰ হয় কেইবাটাও মাৰণাস্ত্ৰ ৷

উদ্ধাৰ মাৰণাস্ত্ৰ
বাক্সা জিলাৰ দুটাকৈ স্থানত উদ্ধাৰ মাৰণাস্ত্ৰ
আনহাতে গোৰেশ্বৰতো চলোৱা আন এক অভিযানত গোৰেশ্বৰ আৰু সুৱাগপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে দুটা AK 47, দুটা মেগজিন, দুটা পিষ্টলসহ কেইবা জাই সজীৱ গুলী ৷ বৰ্তমানেও অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে বুলি জানিবলৈ দিয়ে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক বিজয় প্ৰতীক থুবেয়ে ৷
লগতে পঢ়ক:ৰক্তপাত আৰু ছদ্মাৰ বাবে বিকাশ ডুবেৰ মৃত্যু : মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্ট