বৰমা, ২৫ জানুৱাৰী : বাক্সা জিলাৰ নিকাচিত থকা মইনাপুখুৰী ভূইচম্পাদেৱী মন্দিৰত শনিবাৰৰ পৰা অহা ২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব বাৰ্ষিক মহোৎসৱ ৷ শনিবাৰে পুৱা বজাত মুখ্য তোৰণ উন্মোচন কৰে মইনা পুখুৰী সমিতিৰ উপদেষ্টা ভোলা ভট্টৰায়ে ৷ ধৰ্মধ্বজা উত্তোলন কৰে বিশিষ্ট সমাজ কৰ্মী মুনসিং ব্ৰহ্মই আৰু স্মৃতি তৰ্পণ কৰে পৰিচালনা সমিটিৰসভাপতি ধন বাহাদুৰ পৰিয়াৰে ৷ মুখ্য দ্বাৰ উন্মোচন কৰে চাপাগুৰি সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে ৷ ভক্তপ্ৰাণ ৰাইজৰ সমাগমে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে সভাপতি ধনবাহাদুৰ পৰিয়াৰে ৷ বাৰ্ষিক মহোৎসৱত গুপ্তনৱৰাত্ৰ উপলক্ষে চণ্ডী, ৰুদ্ৰী পাঠ শ্ৰী শ্ৰী দেৱী ভাগৱত শাস্ত্ৰ প্ৰৱচনৰ বিশাল মেলা আয়োজন হৈছে বুলি মন্তব্য কৰে ৷
বাক্সাৰ মইনা পুখুৰী ভূইচম্পাদেৱী মন্দিৰত বাৰ্ষিক মহোৎসৱ - annual function start at baksha_moina pukhuri
বাক্সা জিলাৰ বৰমাৰ মইনা পুখুৰী ভূইচম্পাদেৱী মন্দিৰত আৰম্ভ হ'ল বাৰ্ষিক মহোৎসৱ ৷ ২৫ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব বাৰ্ষিক মহোৎসৱ ৷
মইনা পুখুৰী ভূইচম্পাদেৱী মন্দিৰত বাৰ্ষিক মহোৎসৱ