অসম

assam

ETV Bharat / state

নতুন দিল্লীত ছপা মধ্যমৰ সাংবাদিকৰ বাৰ্ষিক অধিবেশন - নতুন দিল্লীত ছপা মধ্যমৰ সাংবাদিকৰ বাৰ্ষিক অধিবেশন

অধিবেশনত দেশৰ ২৪ খন ৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকতৰ সম্পাদক, স্বত্বাধিকাৰী, প্ৰকাশকৰ লগতে ৩ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। প্ৰথম দিনা ফেদাৰেচনৰ সৰ্বভাৰতীয় সভাপতি গুৰুন্দৰ সিঙৰ সঞ্চলনাত "ছপা মাধ্যমৰ প্ৰভাৱ" শীৰ্ষক এটা মনোজ্ঞ আলোচনা অনুষ্ঠিত কৰা হয় ৷

ছপা মধ্যমৰ সাংবাদিকৰ বাৰ্ষিক অধিবেশন
ছপা মধ্যমৰ সাংবাদিকৰ বাৰ্ষিক অধিবেশন

By

Published : Dec 22, 2019, 3:13 PM IST

নতুন দিল্লী, 22 ডিচেম্বৰ: সামৰণি পৰিল সদৌ ভাৰত ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকত ফেদাৰেচনৰ ৪৮ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ । দেশৰ ৰাজধানী নতুন দিল্লীত ১৯ আৰু ২০ ডিচেম্বৰত অনুষ্টিত হয় সদৌ ভাৰত ক্ষুদ্ৰ আৰু মজলীয়া বাতৰিকাকত ফেদাৰেচনৰ ৪৮ সংখ্যক দ্বিবাৰ্ষিক অধিবেশন । এই অধিবেশনত দেশৰ ২৪ খন ৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকতৰ সম্পাদক, স্বত্বাধিকাৰী, প্ৰকাশকৰ লগতে ৩ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। প্ৰথম দিনা ফেদাৰেচনৰ সৰ্বভাৰতীয় সভাপতি গুৰুন্দৰ সিঙৰ সঞ্চলনাত "ছপা মাধ্যমৰ প্ৰভাৱ" শীৰ্ষক এটা মনোজ্ঞ আলোচনা অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত পি আই বিৰ সঞ্চালক কে এছ ধটৱালাই মুখ্য অতিথি ৰূপে অংশ লয়।

ছপা মধ্যমৰ সাংবাদিকৰ বাৰ্ষিক অধিবেশন

লগতে পঢ়ক: এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে একালৰ সতীৰ্থ জগদীশ ভূঞাই

উক্ত সভাতে, পূৰ্বৰ সভাপতি গুৰুন্দৰ সিঙক প্ৰতিনিধি সভাই পুনৰ ফেদাৰেচনৰ সৰ্বভাৰতীয় সভাপতি হিচাপে নিৰ্বাচন কৰে । আনহাতে দ্বিতীয় দিনা বিনা প্ৰতিদ্বন্দিতাৰে অসম ৰাজ্যিকৰ সভাপতি হিচাপে নিৰ্বাচিত হয় সাংবাদিক তথা মাহেকীয়া ৰহস্যৰ মুখ্য সম্পাদক বাবু ৰাভা হাকাচাম । সভাত সাম্প্ৰতিক সময়ত ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকত সমূহে সমুখীন হৈ থকা সমস্যা সমূহ সমাধানৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাই সাংবাদিক সন্থাই ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details