বাক্সা,1 মাৰ্চ:"অসমৰ মাফিয়া ৰাজনীতিৰ মূল মানুহজনেই হিমন্ত বিশ্ব শৰ্মা ৷ অসমৰ ৰাজনীতিৰ সমগ্ৰ পৰিৱেশ বেয়া কৰাৰ অন্যতম ব্যক্তি গৰাকী হ'ল হিমন্ত বিশ্ব শৰ্মা ৷" এই মন্তব্য ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিৰ ৷ সোমবাৰে বাক্সা জিলাৰ গাৰামদেউত ৰাইজৰ দলৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মেধি সৰৱ হৈ পৰে ৷ শেহতীয়াভাৱে হিন্দু-মুছলমানৰ মাজত বিষাক্ত ৰাজনীতি সৃষ্টি কৰা মানুহজন হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য কৰি মেধিয়ে লগতে এইবুলিও কয় যে, অসমক নেতিবাচক ৰাজনীতিৰ পৰা ৰক্ষা কৰিবলৈ প্ৰথমে হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব ৷
বিজেপিয়ে আটাইতকৈ ভয় কৰা মানুহজনেই অখিল গগৈ বুলি দাবী কৰি মেধিয়ে অভিযোগ কৰে যে, অখিল গগৈক ভয় কৰি বিজেপিয়ে তেওঁক কাৰাগাৰত আবদ্ধ কৰি ৰাখিছে ৷ মেধিয়ে মন্তব্য কৰে যে, অখিল গগৈক যিমান দিন কাৰাগাৰত বন্দী কৰি ৰাখিব সিমানেই তেওঁ ৰাইজৰ অন্তৰৰ গভীৰলৈ যাব আৰু এগৰাকী শক্তিশালী নেতাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হৈ কাৰাগাৰৰ পৰা ওলাই আহিব ৷