অসম

assam

ETV Bharat / state

কষ্টোপাৰ্জিত ধনেৰে পূৰ্বপুৰুষৰ প্ৰতিমূৰ্তি নিৰ্মাণ বাক্সাৰ এজন লোকৰ

বাক্সাৰ সাধাৰণ ব্যৱসায়ী অজয় বসুমতাৰীয়ে নিজ বাসগৃহৰ পদূলিমুখত ১৫ লাখ টকাৰে নিৰ্মাণ কৰে বড়ো জনগোষ্ঠীৰ পূৰ্বপুৰুষসকলৰ প্ৰতিমূৰ্তি ৷ নিজৰ সাঁচতীয়া ধনেৰে তেওঁ স্থাপন কৰে মূৰ্তিসমূহ ৷ 2011 চনৰ পৰা তেওঁ এই কাম আৰম্ভ কৰিছিল আৰু 4 বছৰৰ অন্তত সম্পূৰ্ণ কৰি তোলে মূৰ্তিসমূহৰ নিৰ্মাণৰ কাম ।

কষ্টোপাৰ্জিত ধনেৰে পূৰ্বপুৰুষৰ প্ৰতিমূৰ্তি নিৰ্মাণ বাক্সাৰ এজন লোকৰ
কষ্টোপাৰ্জিত ধনেৰে পূৰ্বপুৰুষৰ প্ৰতিমূৰ্তি নিৰ্মাণ বাক্সাৰ এজন লোকৰ

By

Published : May 18, 2020, 1:51 PM IST

Updated : May 18, 2020, 2:52 PM IST

বাক্সা, 18 মে’: বাক্সাত অজয় বসুমতাৰী নামৰ লোকজনৰ ব্যতিক্ৰমী পদক্ষেপ ৷ নিজৰ সাঁচতীয়া ধনেৰে বড়োৰ জনগোষ্ঠীৰ পূৰ্বপুৰুষসকলক স্থাপন কৰিলে তেওঁ । প্ৰায় ১৫ লাখ টকা ব্যয় কৰি কংক্ৰিটেৰে নিৰ্মাণ কৰিলে প্ৰতিমূৰ্তিসমূহ ।

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ বগামাটি দাওৰাইঝাৰ গাঁৱৰ অজয় বসুমতাৰী এজন সাধাৰণ ব্যৱসায়ী ৷ নিজৰ ঘৰৰ পদূলিমুখতে সুন্দৰভাৱে পূজা-অৰ্চনাৰে সজাই পৰাই ৰাখিছে চাৰিওফালে এক মন্দিৰ সদৃশ পৰিৱেশ । প্ৰতিমূৰ্তিসমূহৰ ভিতৰত বড়োসকলৰ পিতৃস্বৰূপ বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্ম, গণেশ মন্দিৰ, আটা-আবৌ, বুদ্ধদেৱ, ৰজা বীৰ দৈমালু, গাম্বাৰী চিখলা, বাৰদৈং চিখলা, উৰ্বশী, চিকনা জৌহুলাও, হনুমান আৰু পুখুৰীৰ মাজত এটা শিৱলিংগ আছে বুলি তেওঁ জানিবলৈ দিয়ে ‌।

কষ্টোপাৰ্জিত ধনেৰে পূৰ্বপুৰুষৰ প্ৰতিমূৰ্তি নিৰ্মাণ বাক্সাৰ এজন লোকৰ

লগতে তেওঁ জানিবলৈ দিয়ে যে, 2011 চনৰ পৰা তেওঁ এই প্ৰতিমূৰ্তি বনোৱা কাম আৰম্ভ কৰিছিল আৰু প্ৰায় 4 বছৰৰ অন্তত সম্পূৰ্ণ কৰি তোলে মূৰ্তিসমূহৰ নিৰ্মাণৰ কাম ।

লগতে পঢ়ক:প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ দিশে ৰাজ্য চৰকাৰ

Last Updated : May 18, 2020, 2:52 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details