বাক্সা, ১৯ মে’:কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে অসমৰ এগৰাকী বিধায়কে । বিধায়কজনৰ নেতৃত্বত ৩৫ গৰাকীকৈ লোক প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছে কৃষি কাৰ্যত । আমি ক'ব বিচাৰিছো ৬২ নং বৰমা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ভূপেন বড়োৰ কথা । জিলাখনৰ দলবাৰীত ৬০ বিঘা পতিত ভূমিত বিধায়ক গৰাকীৰ নেতৃত্বত অঞ্চলটোৰ ৩৫ গৰাকী লোকে ধান খেতিৰে এক কৃষি বিপ্লৱৰ সূচনা কৰাৰ প্ৰয়াস কৰিছে ।
বিধায়কগৰাকীয়ে একাঁঠু বোকা-পানীত নামি নিজ হাতেৰে ধানৰ বীজ চটিয়াই কৃষি বিপ্লৱৰ শুভাৰম্ভ কৰে । বিধায়ক ভূপেন বড়োৱে জনোৱা মতে ওদালগুৰিৰ 'খদাল হানজা' নামৰ এটা আত্ম সহায়ক গোটে খেতি কৰিবলৈ সক্ষম নোহোৱা ব্যক্তিসকলৰ পৰা উক্ত পতিত ভূমি লীজত লৈ ধান খেতি কৰিবলৈ আৰম্ভ কৰিছে ।