বাক্সা, ১০ আগষ্ট:মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন ক্ষেত্ৰত মাচুল বৃদ্ধিৰ বিৰুদ্ধে আৰম্ভ হোৱা আন্দোলনৰ এমাহ উকলিল ৷ এইক্ষেত্ৰত বিটিআৰ কিম্বা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এতিয়াও গ্ৰহণ কৰা নাই কোনো ফলপ্ৰসূ পদক্ষেপ ৷ যাৰবাবে বুধবাৰে পুনৰ সমূহীয়া মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে আন্দোলনকাৰীসকলে (Protest at Manas National Park) ৷
যোৱা ৫ জুলাই তাৰিখে মানাহৰ পৰ্যটনক্ষেত্ৰত বিভিন্ন মাচুল অধিক হাৰত বৃদ্ধি কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছিল বিটিচি চৰকাৰে (Fee hike in the Manas National Park) ৷ ইয়াৰ পাছৰে পৰা মানাহৰ পৰ্যটনক্ষেত্ৰত বছৰ বছৰ ধৰি জড়িত লোকসকলৰ লগতে বহুকেইটা সংগঠনৰ উমৈহতীয়া মঞ্চ "গ্ৰেটাৰ মানাহ কনজাৰ্ভেশ্যন এণ্ড টুৰিজ্যিম ডেভেলপমেন্ট ছ’চাইটিয়ে ৯ জুলাইৰ পৰাই অব্যাহত ৰাখিছে আন্দোলন ৷
তেওঁলোকৰ দাবী, মানাহৰ বৰ্ধিত মাচুল শীঘ্ৰে প্ৰত্যাহাৰ কৰক, দাঁতিকাষৰীয়া কোনো মানুহৰ লগত সম্পৰ্ক নাৰাখি একনায়কত্ববাদ চলোৱা মানাহৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰক শীঘ্ৰে বদলি কৰক আদি ৷ এই সন্দৰ্ভত বিটিআৰ চৰকাৰৰ উপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছিল বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ ৷
মানাহৰ সন্মুখতে কৰিলে সমূহীয়া মুণ্ডন ইয়াৰ মাজতে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে মানাহত আন্দোলনকাৰী সংগঠনটোৰ সৈতে এক আলোচনাতো মিলিত হৈছিল আৰু মাচুল বৃদ্ধিৰ বিষয়টো পুনৰ জাননী নিদিয়া পৰ্যন্ত আগৰ দৰেই থাকিব বুলিও কৈছিল ৷ কিন্তু এইপৰ্যন্ত এই সন্দৰ্ভত কোনো লিখিত প্ৰতিশ্ৰুতি দিয়া হোৱা নাই ৷ ইফালে ২৮ জুলাইত সংগঠনটোৰ নেতৃবৃন্দই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো গুৱাহাটীত সাক্ষাৎ কৰি বিষয়টো উত্থাপন কৰাত তেখেতে শীঘ্ৰে ইয়াৰ সমাধান হ'ব বুলি আশ্বাস দিছিল ৷
তদুপৰি ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰক মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে বদলিৰ নিৰ্দেশ দিয়াৰ বাতৰিও প্ৰকাশ পাইছিল ৷ কিন্তু কিহৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কাৰ্যকৰী নহ’ল তাক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে সংগঠনটোৰ নেতৃত্বই ৷ সেয়েহে সংগঠনটোৰ দাবীসমূহ শীঘ্ৰে পূৰণৰ দাবীত বুধবাৰে মানাহ ৰাষ্ট্ৰীয উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰৱেশদ্বাৰত সংগঠনটোৰ নেতা-সদস্যই সমূহীয়া মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
আন্দোলনকাৰসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে’ কাৰ্ড লৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীও ৰূপায়ন কৰে ৷ উল্লেখযোগ্য যে, তেওঁলোকৰ দাবীসমূহ মানি নোলোৱা পৰ্যন্ত মানাহত জীপ ছাফাৰি বন্ধ থাকিব বুলি পুনৰ স্পষ্ট কৰি দিয়ে সংগঠনটোৰ নেতৃবৃন্দই ৷
লগতে পঢ়ক :Dhemaji Munna Bhai MBBS: ডাঃ বিজু বৰুৱাক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত প্ৰতিবাদ