বাক্সা,2ফেব্ৰুৱাৰী:পুনৰ প্ৰাণ পাই উঠিব বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত খাদী উৎপাদনকাৰী কেন্দ্র কাউলী আঞ্চলিক গ্ৰামদান সংঘ ৷ 1970 চনতে নিৰ্মাণ কৰা সংঘটো পদ্মশ্রী বঁটা প্ৰাপক নিষ্ঠাৱান কৰ্মী ৰবীন্দ্ৰনাথ উপাধ্যায়ৰ প্ৰচেষ্টাত আৰু তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ উদ্যোগত জন্ম লাভ কৰিছিল ৷ 4 বিঘা মাটি কালিত নিৰ্মাণ কৰা খাদী উৎপাদনকাৰী কেন্দ্রটো লাহে লাহে উৎপাদনশীল হৈ পৰিছিল ৷ কিন্তু 1989 চনৰ বড়ো আন্দোলনৰ সময়ত কোনো দুস্কৃতিকাৰীৰ দলে কেন্দ্রটো জ্বলাই দিছিল ৷ সুদীৰ্ঘ 31 বছৰৰ মূৰত পুনৰ কেন্দ্ৰটো মুকলি হোৱাৰ খবৰে স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে অঞ্চলবাসীক ৷
সুদীৰ্ঘ 31 বছৰৰ মূৰত পুনৰ মুকলি হ'ব কাউলী আঞ্চলিক গ্ৰামদান সংঘ - পদ্মশ্রী বঁটা প্ৰাপক নিষ্ঠাবান কৰ্মী ৰবীন্দ্ৰনাথ উপাধ্যায়
1970 চনতে নিৰ্মাণ কৰা তামুলপুৰৰ খাদী উৎপাদনকাৰী কেন্দ্র কাউলী আঞ্চলিক গ্ৰামদান সংঘ পুনৰ মুকলি কৰা হ'ব ৷ সুদীৰ্ঘ 31 বছৰৰ মূৰত 15 ফেব্ৰুৱাৰীৰ পৰা পুনৰ কাৰ্যক্ষম হ'ব খাদী উৎপাদনকাৰী কেন্দ্রটো ৷
![সুদীৰ্ঘ 31 বছৰৰ মূৰত পুনৰ মুকলি হ'ব কাউলী আঞ্চলিক গ্ৰামদান সংঘ again-reopen-bakshas-khadi-board](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10469498-196-10469498-1612252859743.jpg)
1970 চনত কাউলী অঞ্চলটোৰ মুঠ 52 টা পৰিয়ালকলৈ গঠন কৰা খাদী উৎপাদনকাৰী কেন্দ্রটোৱে সেই সময়তে মহিলা স্বাৱলম্বীকৰণত আগভাগ লৈছিল ৷ কিন্তু কালক্ৰমত বন্ধ হৈ পৰিছিল কেন্দ্ৰটো ৷ সম্প্ৰতি অসম চৰকাৰৰ বিশেষ পুঁজিৰ পৰা 6 লাখ টকা ব্যয় সাপেক্ষে কেন্দ্ৰটো পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে ৷ বিশেষ আঁচনিৰ ধনেৰে আটক ধুনীয়াকৈ সাজু কৰি তোলা হৈছে কাউলী আঞ্চলিক গ্ৰামদান সংঘটো ৷15 ফেব্ৰুৱাৰীৰ পৰা পুনৰ কাৰ্যক্ষম হ'বলগীয়া কেন্দ্ৰটোত এবাৰতে 25 গৰাকীকৈ মহিলাই সূতা কটাৰ লগতে 14 গৰাকীকৈ মহিলাই কাপোৰ বোব পাৰিব ৷ ইতিমধ্যে কেন্দ্রটোত 5 টা চ'লাৰ মেচিন,35 টা হাত মেচিন আৰু 40 টাসূতা কটা মেচিনৰ লগতে 7 খনকৈ তাঁত শালৰ ব্যৱস্থা কৰা হৈছে ৷
লগতে পঢ়ক:উত্তৰ গুৱাহাটীত অসুস্থ নাহৰফুটুকীক খুৱালে গাখীৰ-বিস্কুট