অসম

assam

ETV Bharat / state

মাদ্ৰাছাৰ পাছত এইবাৰ বড়ো মাধ্যমো বন্ধ কৰিব হিমন্তই : হাগ্ৰামা মহিলাৰী - assam election

মাদ্ৰাছাৰ পাছত এইবাৰ বিজেপিয়ে বড়ো মাধ্যমৰ লগতে জনগোষ্ঠীয় মাধ্যমৰ বিদ্যালয় সমূহ বন্ধ কৰিব বুলি মন্তব্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে 4 ৰ পৰা 5 খনহে আসন পোৱাৰ পৰিৱৰ্তে সকলো আসন মহাজোঁটে লাভ কৰিব বুলিও দাবী কৰিছে মহিলাৰীয়ে ৷

after madrassa himanta biswa sarma will close bodo medium said hagrama mohilary
হাগ্ৰামা মহিলাৰী

By

Published : Apr 3, 2021, 11:11 AM IST

বাক্সা, 3 এপ্ৰিল:মাদ্ৰাছা সমূহ বন্ধ কৰাৰ পাছতেবিজেপি চৰকাৰে এইবাৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহো বন্ধ কৰিব বুলি মন্তব্য কৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ বৰমাৰ কদমতলত বিপিএফ দলৰ বিশাল নিৰ্বাচনী সভাত অংশ লৈ বিপিএফ প্ৰধানগৰাকীয়ে এই মন্তব্য কৰে ৷ কেৱল বড়ো মাধ্যমৰ বিদ্যালয়ে নহয় সকলো জনগোষ্ঠীয় মাধ্যমৰ বিদ্যালয় সমূহ বিজেপিয়ে বন্ধ কৰিব বুলিও মহিলাৰীয়ে মন্তব্য কৰে ৷

মাদ্ৰাছাৰ পিছত এইবাৰ বড়ো মাধ্যমো বন্ধ কৰিব হিমন্তই : হাগ্ৰামা মহিলাৰী

শুকুৰবাৰে বাক্সা জিলাৰ কদমতলাত 62 নং বৰমা বিধানসভা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী প্ৰবীন বড়োৰ সমৰ্থনত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, দীৰ্ঘদিন ধৰি অসমত মুছলমান যুৱক-যুৱতী সকলে শিক্ষা গ্ৰহণ কৰি অহা মাদ্ৰাছা সমুহ বন্ধ কৰাটো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজা সিদ্ধান্ত ৷ এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিলে বড়ো মাধ্যমৰ লগতে অসমৰ আন আন মাধ্যমৰ বিদ্যালয়ো বন্ধ কৰিব ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি বিপিএফ প্ৰধান গৰাকীয়ে কয়, "মোৰ এতিয়ালৈকে কোনো গোচৰ নাই, কিন্তু হিমন্ত বিশ্ব শৰ্মা নিজে সাৰদা আৰু লুই বাৰ্জাৰ কেলেংকাৰীত জড়িত ৷" নিজেই গুৰুতৰ কেলেংকাৰীত জড়িত হৈ এতিয়া মোক জেলত ভৰাব বুলিও কটাক্ষ কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবা নিজে চিবিআই, কেতিয়াবা উকিল, কেতিয়াবা নিজে প্ৰধান শিক্ষক, নিজে কৰ'ণাৰ চিকিৎসক হয় বুলিও কটাক্ষ কৰে ৷

ইউপিপিএল দলকো সমালোচনাৰ লক্ষ্য কৰি লৈ মহিলাৰীয়ে বিজেপি চৰকাৰৰ দিনত তেলৰ দাম দিনক দিনে বাঢ়ি আছে, গতিকে ইউপিপিএলৰ ট্ৰেক্টৰ চলাবলৈ তেল ভৰাবলৈ সমস্যাৰ সন্মুখীন হ'ব বুলি কটাক্ষ কৰে ৷ উল্লেখ্য যে, এই সভাতে ইউপিপিএল, বিজেপি আৰু জিএছপিৰ সহস্ৰাধিক লোকে নিজ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰে ৷

লগতে পঢ়ক:তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বদলিকৰণ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃক

ABOUT THE AUTHOR

...view details