অসম

assam

ETV Bharat / state

বনভোজস্থলী বগামাটিত আৰম্ভ হ’ল দুঃসাহসিক ক্ৰীড়া ৰাফটিং - বনভোজস্থলী বগামাটিত আৰম্ভ হ’ল দুঃসাহসিক ক্ৰীড়া ৰাফটিং

তামুলপুৰ জিলাৰ বগামাটি বনভোজস্থলীত আৰম্ভ হ’ল দুঃসাহসিক ক্ৰীড়া ৰাফটিং (Adventure sports rafting begins at Bogamati) । বিগত বৰ্ষত সমূহতকৈ এই বৰ্ষত আগতীয়াকৈ আৰম্ভ কৰা হৈছে এই ৰাফটিং ।

বনভোজস্থলী বগামাটিত আৰম্ভ হ’ল দুঃসাহসিক ক্ৰীড়া ৰাফটিং
বনভোজস্থলী বগামাটিত আৰম্ভ হ’ল দুঃসাহসিক ক্ৰীড়া ৰাফটিং

By

Published : Apr 12, 2022, 2:18 PM IST

তামুলপুৰ, 12 এপ্ৰিল :প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ভাৰত-ভূটান সীমান্তৰ অসমৰ জনপ্ৰিয় পৰ্যটনথলী হৈছে বগামাটি ৷ এইবাৰ এপ্ৰিল মাহতে বগামাটিত আৰম্ভ হ’ল দুঃসাহসিক নৌকাচালন ৰাফটিং (Inauguration of adventure tourism rafting at Bogamati) । ভাৰত-ভূটান সীমান্তৱৰ্তী তথা নৱগঠিত তামুলপুৰ আৰু ওদালগুৰি জিলাক স্পৰ্শ কৰি থকা বগামাটিত এইবাৰ আগতীয়াকৈয়ে আৰম্ভ কৰা হৈছে ৰাফটিং ।

শেহতীয়াকৈ যোৱা দুটা সপ্তাহ ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ভূটানৰ পৰা বৈ অহা খৰস্ৰোতা বৰনদীৰ জলস্তৰ বাঢ়ি অহাত স্থানীয় গ্ৰীণ ট্ৰেক এডভেঞ্চাৰে এই বৰ্ষত আগতীয়াকৈ অৰ্থাৎ এপ্ৰিল মাহতে শুভাৰম্ভ কৰে এই ৰাফটিং (adventure tourism rafting) । বিগত 7 বছৰ ধৰি বগামাটিত পৰ্যটকৰ বাবে দুঃসাহসিক ৰাফটিং আয়োজন কৰি আহিছে অসমৰ একমাত্ৰ অনুষ্ঠান গ্ৰীণ ট্ৰেক এডভেঞ্চাৰ (Green Track Adventure) ৷

বনভোজস্থলী বগামাটিত আৰম্ভ হ’ল দুঃসাহসিক ক্ৰীড়া ৰাফটিং

গ্ৰীণ ট্ৰেক এডভেঞ্চাৰে আগভাগ লোৱা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসমৰ বিশিষ্ট পৰ্বতাৰোহী উপেন চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালৰ লগতে দেশৰ আগশাৰীৰ কাৰিকৰী শিক্ষানুষ্ঠান আই আই টি গুৱাহাটীৰ কেবাগৰাকীও শিক্ষাৰ্থীয়ে । বিগত বৰ্ষত প্ৰায় জুন মাহত এনে ৰাফটিং শুভাৰম্ভ হোৱাৰ পৰিৱৰ্তে এইবাৰ এপ্ৰিলত আৰম্ভ হোৱাত উৎসাহিত হৈ পৰিছে পৰ্যটকসকলে ।

গুৱাহাটীৰ পৰা মাত্ৰ নব্বৈ কিল’মিটাৰ দূৰত্বত অৱস্থিত বগামাটিত গ্ৰীণ ট্ৰেক এডভেঞ্চাৰে পৰ্যটকৰ বাবে খোৱা লোৱাৰ লগতে নৈশ যাপন, ট্ৰেকিং, জিপলাইনিং আদিৰো সুবিধা প্ৰদান কৰি আহিছে । গুৱাহাটী মহানগৰীৰ লগতে ইয়াৰ পাশ্বৱৰ্তী অঞ্চলৰ পৰ্যটকে এতিয়া আৰু দূৰ-দূৰণিলৈ ৰাফটিঙৰ বাবে যাব নালাগে ৷ যাক লৈ এতিয়া আনন্দিত হৈ পৰিছে স্থানীয় পৰ্যটকসকল ৷

লগতে পঢ়ক :International Water Transport Conference : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিলে আন্তঃৰাষ্ট্ৰীয় জলপথ সন্মিলন

ABOUT THE AUTHOR

...view details