অসম

assam

ETV Bharat / state

বাক্সাত ঝাৰখণ্ডৰ পাঁচ মন্ত্ৰীৰ পুত্তলিকা দাহ - Jharkhand Minister MLA Effigy Burn at Baksha

বাক্সাৰ কুমাৰীকাটাৰ বালাহাটিত আদিবাসী চেংগল অভিযানৰ উদ্যোগত ঝাৰখণ্ডৰ পাঁচ মন্ত্ৰীৰ পুত্তলিকা দাহ । পাঁচগৰাকী মন্ত্ৰী হৈছে ক্ৰমে- মুখ্যমন্ত্ৰী হেমন্ত চোৰেন,ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু,বিধায়ক নলিন চোৰেন,বিধায়ক দীনেশ উলিয়াম মাৰান্ডী আৰু বিৰোধী নেতা বাবুলাল মাৰাণ্ডি ।

Advasi sengel protest at Baksa
বাক্সাত ঝাৰখণ্ডৰ পাঁচ মন্ত্ৰীৰ পুত্তলিকা দাহ

By

Published : Sep 9, 2020, 6:58 PM IST

বাক্সা, 9 ছেপ্তেম্বৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ বালাহাটিত বুধবাৰে চানতালী চেংগল অভিযানৰ উদ্যোগত ঝাৰখণ্ডৰ পাঁচগৰাকী মন্ত্ৰীৰ পুত্তলিকা দাহ কৰা হয়৷ পুত্তলিকা দাহ কৰা মন্ত্ৰী কেইগৰাকী ক্ৰমে হৈছে মুখ্যমন্ত্ৰী হেমন্ত চোৰেন, ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু, বিধায়ক নলিন চোৰেন, বিধায়ক দীনেশ উলিয়ামমাৰাণ্ডিআৰু বিৰোধী নেতা বাবুলালমাৰাণ্ডি

বাক্সাৰ কুমাৰীকাটাৰ বালাহাটিত আদিবাসী চেংগল অভিযান

বিগত বৰ্ষত চানতালী জনগোষ্ঠীৰ বীৰ শ্বহীদ চিদু আৰু কানু মুৰ্মু ভাতৃ ৰামেশ্বৰ মুৰ্মুক হত্যা কৰাৰ তিনি মাহ উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত কোনো ধৰণৰ চিবিআইৰ তদন্তৰ আওতাতলৈ নানিলে ঝাৰখণ্ড চৰকাৰে ।

আনহাতে চানতালী জনগোষ্ঠীটোৰ ভাষাটো অষ্টম অনুসূচিত অন্তৰ্ভুক্ত হোৱাৰ পিছতো ঝাৰখণ্ডত চানতালী ভাষাটো মৰ্যদা প্ৰদান নকৰিলে বুলি অভিযোগ কৰে বাক্সা জিলা চেংগল অভিযানৰ সভাপতি বাজুম তুডুৱে ।

বাক্সাত ঝাৰখণ্ডৰ পাঁচ মন্ত্ৰীৰ পুত্তলিকা দাহ

তেওঁ লগতে কয় যে,জনগোষ্ঠীটোৰ চৰ্না ধৰ্মকো ঝাৰখণ্ডত চৰকাৰে কলোম কড প্ৰদান নকৰিলে বুলি অভিযোগ উত্থাপন কৰাৰ উপৰিও ঝাৰখণ্ডত যিহেতু চানতালী সকলে জনজাতি হিচাপে পূৰ্বৰে পৰা স্বীকৃতি লাভ কৰি আহিছে যদিও তেনে পৰিপ্ৰেক্ষিতত অসমত বসবাস কৰা চানতালী সকলক জনজাতি প্ৰদানৰ বাবে হেমন্ত চৰকাৰে ৰাজ্যসভাত চৰকাৰক হেচা প্ৰয়োগ নকৰিলে ।

সেয়েহে বীৰ শ্বহীদ চিদু আৰু কানু মুৰ্মুৰ পৰিয়ালৰ ভাতৃ ৰামেশ্বৰ মুৰ্মুক ন্যায়ৰ দাবীত সমগ্ৰ দেশতে বুধবাৰে উক্ত পাঁচগৰাকী মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে বুলি জানিবলৈ দিয়ে বাক্সা জিলা চেংগল অভিযানৰ সভাপতি বাজুম তুডুৱে ৷

লগতে চাওক-শিৱসাগৰত গাৰ্হস্থ্য হিংসাৰ বলি বোৱাৰী

ABOUT THE AUTHOR

...view details