তামুলপুৰ,29 এপ্ৰিল: তামুলপুৰৰ গোৰেশ্বৰত এজন বিবাহিত পুৰুষে এগৰাকী ১৭ বছৰীয়া কিশোৰীক বিয়া পাতি গোৰেশ্বৰ আৰক্ষীৰ হাতত ধৰা পৰি সোমাব লগীয়া হ’ল ৰঙা ঘৰত । প্ৰাপ্ত তথ্য মতে ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত উত্তৰ নাওবন্ধাৰ মাধৱ ৰাজবংশীৰ পুত্ৰ কুশল ৰাজবংশী(২৮)য়ে আত্মীয়ৰ ঘৰত বিয়া খাবলৈ গৈ বাক্সা জিলাৰ গোৰেশ্বৰৰ হাজলপাৰা গাঁৱৰ ১৭ বছৰীয়া কিশোৰী এগৰাকীৰ লগত চিনাকি হয় । চিনাকি সূত্ৰে অব্যাহত ৰাখে টেলিফোনিক যোগাযোগ । প্ৰায় দুমাহ পূৰ্বে চিনাকি হোৱা কিশোৰী গৰাকীক কুশলে ভিন্ন প্ৰলোভন দি প্ৰেমৰ জালত পেলাই । পত্নী সহ এটি আঢ়ৈ বছৰীয়া কন্যা সন্তান থকা কুশলে পত্নীক ফাঁকি দি কেইবাবাৰো ভিন্ন স্থানত লগ কৰিছিল কিশোৰী গৰাকীক । অতি দৰিদ্ৰ পৰিয়ালৰ কিশোৰী গৰাকীক বিভিন্ন প্ৰলোভন দি কুশলে বিয়াৰ প্ৰস্তাৱ দি যোৱা বুধবাৰে পলুৱাই নি তামুলপুৰৰ শুৱাগপুৰত এঘৰ মানুহৰ ঘৰত নি সেন্দুৰ পিন্ধাই বিয়া পাতে । ইফালে কিশোৰী গৰাকী নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লোকে কিশোৰী গৰাকীৰ লগত পূৰ্বৰ পৰা কুশলৰ লগত সম্পৰ্ক থকাৰ কথা জানিব পাৰি কুশল ৰাজবংশীয়ে কিশোৰী গৰাকীক অপহৰণ কৰা বুলি গোৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰে ।
17 বছৰীয়া প্ৰেমিকাক পলুৱাই জালত পৰিল বিবাহিত প্ৰেমিক
বিবাহিত পুৰুষে প্ৰলোভনেৰে 17 বছৰীয়া কিশোৰী বিয়া পাতি জালত পৰিল গোৰেশ্বৰ আৰক্ষীৰ ৷
লগতে পঢ়ক: পথ নে পুখুৰী?
এজাহাৰ দিয়াৰ পিছৰে পৰা গোৰেশ্বৰ আৰক্ষীয়ে কুশলক বিচাৰি আছিল যদিও কুশলে আত্মগোপন কৰি বেংগালুৰুলৈ পলাই যাবলৈ গোৰেশ্বৰ ৰে’ল ষ্টেচনত ৰৈ থকাৰ সময়তে গোৰেশ্বৰ আৰক্ষীৰ হাতত ধৰা পৰে । এটি কন্যা সন্তানৰ পিতৃ কুশলে ১৭ বছৰীয়া কিশোৰী এগৰাকীক অপহৰণ কৰি বিয়া পতাৰ অপৰাধত গোৰেশ্বৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি কুশলক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে কিশোৰী গৰাকীক শিশু গৃহলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, কুশল ৰাজবংশীৰ পত্নীয়ে স্বামীৰ কুকৰ্মৰ দুখত ভাগি পৰে ৷ জানিবলৈ দিয়া মতে স্বামীয়ে পূৰ্বতে কেইবাবাৰো মহিলা আৰু কিশোৰীক প্ৰলোভনেৰে প্ৰেমৰ জালত পেলাই সংসাৰখনত অশান্তি সৃষ্টি কৰি আহিছিল ৷