বাক্সা,21 নৱেম্বৰ :আদিবাসী চেংগেল অভিযানৰ বাক্সা জিলা সমিতিৰ উদ্যোগত আদিবাসী চানতালী জনগোষ্ঠীৰ চাৰ্ণা ধৰ্মৰ ক'ড প্ৰদান কৰাৰ দাবীত ২৬ নং দৰংগাজুলি পৰিষদীয় সমষ্টিৰ চানতালী গাঁৱে গাঁৱে জন জাগৰণ কাৰ্যসূচী ৰূপায়ন কৰে ৷ জনগোষ্ঠীটোৰ নিজা চাৰ্ণা ধৰ্ম আছে যদিও ধৰ্মীয় ক'ডৰ স্বীকৃতি লাভ নকৰাৰ ফলত বহুলোকে হিন্দু আৰু খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলগীয়া হৈছে ৷
আদিবাসী চেংগেল অভিযানৰ জন জাগৰণ কাৰ্যসূচী - ৰে'লপথ
২৬ নং দৰংগাজুলি পৰিষদীয় সমষ্টিৰ চানতালী গাঁৱে গাঁৱে জন জাগৰণ কাৰ্যসূচী ৷ আদিবাসী চানতালী জনগোষ্ঠীৰ চাৰ্ণা ধৰ্মৰ ক'ড প্ৰদান কৰাৰ দাবীত আদিবাসী চেংগেল অভিযানে বাক্সা জিলা সমিতিৰ উদ্যোগত জন জাগৰণ কাৰ্যসূচী ৰূপায়ন কৰে ৷

আদিবাসী চেংগেল অভিযানৰ জন জাগৰণ কাৰ্য্যসূচী
উল্লেখ্য যে, বাক্সা জিলা আদিবাসী চেংগেল অভিযানৰ সভাপতি বাজুম টডুৱে সৰ্বভাৰতীয় পৰ্যায়ৰ সভাপতি চালখান মুৰ্মুৰ নেতৃত্বত আদিবাসী চেংগেল অভিযানে জনগোষ্ঠীটোৰ চাৰ্ণা ধৰ্মৰ ক'ড প্ৰদানৰ দাবীত জন জাগৰণ কাৰ্যসূচী গ্ৰহণ কৰিছে । যদিহে কেন্দ্ৰীয় চৰকাৰে জনগোষ্ঠীটোৰ ধৰ্মক ৩০ নবেম্বৰৰ ভিতৰত স্বীকৃতি প্ৰদান নকৰে তেতিয়া হ'লে ৬ ডিচেম্বৰৰ পৰা অবিৰত ভাৱে ৰে'লপথ, ৰাজপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়ক:ৰাজ্যিক বিজেপিৰ অৰ্থনৈতিক কোষৰ বিশেষ সাংগঠনিক সভা সম্পন্ন