বাক্সা, 8 মাৰ্চঃ আজি আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস । ইয়াৰ লগত সংগতি ৰাখি নিখিল বড়ো ছাত্র সন্থাৰ কুমাৰীকাটা আঞ্চলিক সমিতিৰ উদ্যোগত বাক্সাত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ বড়ো জনগোষ্ঠীয় মহিলাসকলক একত্ৰিত কৰি সমাজত প্ৰচলিত কুঃসংস্কাৰ, ঘৰুৱা অত্যাচাৰ, ডাইনী হত্যাৰ বিষয়ে এই অনুষ্ঠানত পৰ্যালোচনা কৰা হয় ।
উক্ত অনুষ্ঠানত কুমাৰীকাটা অঞ্চলৰ বড়ো মহিলাসকল যাতে বিভিন্ন দিশত আগবাঢ়ি যাব পাৰে তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় । আনহাতে এই সভাতে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ লগত সংগতি ৰাখি ডেৰাডুনত MSW শিক্ষা সমাপ্ত কৰা মুছলপুৰৰ সমাজসেৱিকা লীলা ব্ৰহ্মক সম্বৰ্ধনা জনোৱাৰ লগতে অঞ্চলটোৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ শিক্ষয়ত্ৰীসকলকো সম্বৰ্ধনা জনোৱা হয় ।