অসম

assam

ETV Bharat / state

আজিৰে পৰা তামুলপুৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ABSUৰ বিশেষ অধিবেশন - ABSU

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বাক্সাৰ তামুলপুৰত আৰম্ভ হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশেষ অধিবেশন ৷ BTR চুক্তিৰ স্বাক্ষৰকাৰী NBDFৰ চাৰিটা গোটে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত ৷

ABSU ৰ বিশেষ অধিবেশন
ABSU ৰ বিশেষ অধিবেশন

By

Published : Feb 12, 2020, 3:31 PM IST

Updated : Feb 12, 2020, 7:10 PM IST

তামুলপুৰ, 12 ফেব্ৰুৱাৰীঃবাক্সাৰ তামুলপুৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশেষ অধিবেশন ৷ ই অধিবেশনতে BTR চুক্তিৰ স্বাক্ষৰকাৰী NBDF ৰ চাৰিটা গোটে অংশগ্ৰহণ কৰা লগতে সম্বৰ্ধনাও জনোৱা হ'ব বুলি জানিব পৰা গৈছে ৷ লগতে আজি সন্ধিয়া নিখিল বড়ো ছাত্ৰ সন্থাই এখনি প্ৰতিনিধি সভা অনুষ্ঠিত কৰিব,য'ত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে সভাপতি পদৰ পৰা অব্যাহতি লোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, এবছুৰ সভাপতি পদৰ পৰা অৱসৰ লৈ বৰ্তমানৰ সভাপতি প্ৰমোদ বড়োৱে সক্ৰিয়া ৰাজনীতিতত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷

নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো

নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে কয় যে, বিটিআৰ চুক্তিৰ পিচত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৰাজনৈতিক আন্দোলনৰ কৰ্মপন্থা কি হ'ব আৰু তেওঁলোকৰ বাকী থকা কামবোৰৰ বিষয়ে আলোচনা কৰা হ'ব এই অধিৱেশনত ৷ লগতে তেওঁ কয় যে, শান্তি প্ৰতিষ্ঠাৰ বাবেহে তেওঁলোকে চুক্তি কৰে ৷ যাৰ ফলত চিৰদিনৰ বাবে সশস্ত্ৰ যি সংগ্ৰাম আছিল সেইয়া নাইকিয়া হ'ল ৷

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ABSU ৰ বিশেষ অধিবেশন

লগতে পঢ়কঃবুধবাৰে পুৱা বাক্সা জিলাৰ চাৰিখনকৈ চাহ বাগানত প্ৰতিবাদী কাৰ্যসূচী

Last Updated : Feb 12, 2020, 7:10 PM IST

ABOUT THE AUTHOR

...view details