অসম

assam

ETV Bharat / state

বাক্সা জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এবছুৰ প্ৰতিবাদ - বাক্সা জিলা আৰক্ষী অধীক্ষক

সোমবাৰে এবছুৰ কৰ্মকৰ্তা সকলে বাক্সা জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ মুছলপুৰ বিপিএফ দলৰ একাংশ সদস্যই বৰমাস্থিত এবছুৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি ঘটনাৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

এবছুৰ প্ৰতিবাদ
এবছুৰ প্ৰতিবাদ

By

Published : Nov 2, 2020, 6:12 PM IST

বৰমা, 2 নৱেম্বৰ :যোৱা ৩১ অক্টোবৰ শনিবাৰে, মুছলপুৰ বিপিএফ দলৰ একাংশ সদস্যই বাক্সা জিলাৰ বৰমাস্থিত এবছুৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে সোমবাৰে এবছুৰ কৰ্মকৰ্তা সকলে বাক্সা জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷

বাক্সা জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এবছুৰ প্ৰতিবাদ

বাক্সা জিলা এবছুৰ সভাপতি নৃপেন চন্দ্ৰ বড়োৰ দাবী, যিসকল বিপিএফ দলৰ লোকে বৰমা এবছুৰ কাৰ্যালয়ত আক্ৰমণ কৰিছে, সেইসকলক অতি শীঘ্ৰেই যাতে গ্ৰেপ্তাৰ কৰা হয় ৷

লগতে পঢ়ক:উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে মুকলি পৰ্টেল

ABOUT THE AUTHOR

...view details