অসম

assam

By

Published : Mar 23, 2022, 12:29 PM IST

ETV Bharat / state

PIL in High court against BTR Accord : বিটিআৰত এবছুৰ বৃহৎ প্ৰতিবাদ

প্ৰতিবাদত উত্তাল হ’ল তামুলপুৰৰ বিভিন্ন অঞ্চল (ABSU protest at Tamulpur) ৷ বিটিআৰ চুক্তিৰ বিৰুদ্ধে আদালতত আবেদন কৰা ব্যক্তিসকলৰ বিৰুদ্ধে এবছুৱে ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ আনকি এই প্ৰতিবাদস্থলীতে দাহ কৰা হয় বি টি আৰ চুক্তি বিৰোধিতা কৰা লোকসকলৰ প্ৰতিমূৰ্তিও (ABSU burnt effigy at Tamulpur) ৷

ABSU burnt effigy at TamulpurABSU burnt effigy at Tamulpur
বড়ো জাতিক ক্ষতি কৰিবলৈ ওলোৱা সকল জাতিদ্ৰোহী : এবছু

তামুলপুৰ, 23 মাৰ্চ :বিটিআৰ চুক্তিৰ বিৰোধ কৰা লোকসকলৰ বিৰুদ্ধে সৰব নিখিল বড়ো ছাত্ৰ সন্থা । বিটিআৰ চুক্তিৰ বিৰোধিতা কৰি একাংশ বড়ো বুদ্ধিজীৱী আৰু একাংশ বিপিএফ নেতাই বিগত ৬ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰ চপা কাৰ্যত (PIL in Gauhati High Court challenging BTR Accord) তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাই ৷ যাৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মঙলবাৰে অসমৰ বিভিন্ন ঠাইৰ লগতে তামুলপুৰ জিলাৰ তামুলপুৰ, কুমাৰীকটা, নাওকটাকে আদি কৰি আটাইকেইখন আঞ্চলিকে এবছুৰ সহযোগত ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী (ABSU protest at Tamulpur) ৷

বিটিআৰত এবছুৰ বৃহৎ প্ৰতিবাদ

প্ৰতিবাদীসকলে জনকলাল বসুমতাৰী মুৰ্দাবাদ, ছানচুমা খুংগুৰ বিচমুথিয়াৰী মুৰ্দাবাদ, চন্দন ব্ৰহ্ম হুচিয়াৰ, হিতেশ বসুমতাৰী মুৰ্দাবাদ, খাম্ফা বৰগয়াৰী হুচিয়াৰ আদি ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ লগতে প্ৰতিবাদকাৰীসকলে দাহ কৰে বি টি আৰ চুক্তি বিৰোধিতা কৰা লোকসকলৰ প্ৰতিমূৰ্তিও দাহ কৰে (ABSU burnt effigy at Tamulpur) ৷ আনকি প্ৰতিবাদকাৰীসকলে শীঘ্ৰে বিটিআৰ চুক্তি ৰূপায়ন কৰিবলৈও দাবী জনায় ৷

লগতে বড়ো জাতিক ক্ষতি কৰা যিকোনো কাম কৰাৰ পৰা সকলোকে বিৰত থাকিবলৈও প্ৰতিবাদস্থলীৰ পৰাই এক প্ৰকাৰে সকিয়নী প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে উক্ত ব্যক্তিসকলক জাতিদ্ৰোহী আখ্যা দিয়ে এবছুৱে ৷

লগতে পঢ়ক :BTR accord: বিটিআৰ চুক্তিৰ বিৰোধিতা কৰা ব্যক্তিৰ প্ৰতিকৃতি দাহ

ABOUT THE AUTHOR

...view details