অসম

assam

ETV Bharat / state

বাক্সাত বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা - নিখিল বড়ো ছাত্ৰ সন্থা

প্ৰতি বছৰে নিখিল বড়ো ছাত্ৰ সন্থাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনাই আহিছে ৷ সম্বৰ্ধনা সভাখনৰ আৰম্ভণিতে নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰোমিঅ পি নাৰ্জাৰীয়ে ভাষণ প্ৰদান কৰে ৷

বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

By

Published : May 28, 2019, 2:59 PM IST

বাক্সা, 28 মে': মঙলবাৰে এবছুৰ তামুলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় ৷ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্থায়ী প্ৰেক্ষাগৃহত অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা প্ৰায় 32 গৰাকী ছাত্ৰ-ছাত্ৰীক এখন আৰনাই, মান পত্ৰ , বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবি আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় ৷

বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা
প্ৰতি বছৰে নিখিল বড়ো ছাত্ৰ সন্থাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনাই আহিছে ৷ সম্বৰ্ধনা সভাখনৰ আৰম্ভণিতে নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰোমিঅ পি নাৰ্জাৰীয়ে ভাষণ প্ৰদান কৰে ৷ তামুলপুৰ আঞ্চলিক এবছুৰ সভাপতি অজিত বড়োৱে সভাখন পৰিচালনা কৰে ৷

ABOUT THE AUTHOR

...view details