বাক্সা, 13 ফেব্ৰুৱাৰীঃ বুধবাৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশেষ অধিবেশনৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে । এই অধিবেশনতে বুধবাৰে নিশা অনুষ্ঠিত হয় প্ৰতিনিধি সভা। প্ৰতিনিধি সভাতে পৃথক ৰাজ্য দাবী আন্দোলনৰ অন্যতম ছাত্ৰ নেতা তথা নিখিল বড়ো ছাত্ৰ সন্থাক দক্ষতাৰে পৰিচালনা কৰা সভাপতি প্ৰমোদ বড়োৱে সভাপতি পদৰ পৰা তথা ছাত্ৰ ৰাজনীতিৰ পৰা অব্যাহতি লয় ৷ সভাত প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো বৰ্তমানলৈকে কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা সদৰী কৰা নাই যদিও ৰাইজে বিচাৰিলে এই ক্ষেত্ৰত বিচাৰ বিবেচনা কৰিব বুলি মন্তব্য কৰে ৷
আনহাতে, দিনৰ বিভিন্ন জনগোষ্ঠীৰ নৃত্যৰ সমাহাৰৰে এক সাংস্কৃতিক সমদল উলিয়াই । তাৰ পাচতে এখন মুকলি সভাত বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী সকলক সম্বৰ্ধনা জনোৱা হয়। উক্ত কাৰ্যসূচী উপস্থিত থাকে প্ৰমোদ বড়ো,গোবিন্দ বসুমতাৰী,বি আৰ ফেৰেংঙ্গা, লৰেন্স ইচলাৰী, এম চি এল ৰনগৌৰা নাৰ্জাৰী, ইউ পিপি এল সভাপতি ইউ জি ব্ৰক্ষ, ইউ পি পি এল( মহিলা গোটৰ ) সভানেত্ৰী প্ৰতিভা ব্ৰহ্মৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া।