বাক্সা, ১৫ ফেব্ৰুৱাৰী :১৯৬৭ চনৰ ১৫ ফেব্ৰুৱাৰীত জন্ম লাভ কৰা নিখিল বড়ো ছাত্ৰ সন্থাই ৫৫ বছৰত ভৰি দিলে ৷ বড়ো জাতিৰ সুৰক্ষাৰ বাবেই জন্ম হোৱা এবছুৱে বৰমাত পালন কৰে সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস(Absu celebrates foundation day) । সংগঠনত উপস্থিত থাকি এবছুৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই কয় যে বড়ো জাতিৰ আশা-ভৰসাৰ বাবেই জন্ম হৈছিল এবছুৰ ৷ তেওঁ লগতে কয় যে এবছুই সময়ে সময়ে বড়োসকলৰ মাজত চলি থকা বিভিন্ন সমস্যাসমূহ সমাধান কৰাত মুখ্য ভুমিকা পালন কৰি আহিছে ৷
NDFB ৰ লগত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ শান্তি চুক্তিত এবছুই মুখ্য ভুমিকা পালন কৰিছিল বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে পৃথক বড়োলেণ্ড দাবীৰ ফলতে বিএচি, বিটিচি আৰু বৰ্তমান বিটিআৰ চুক্তি কৰিবলৈ বাধ্য হৈছে ভাৰত চৰকাৰ ৷ বিটিচি চুক্তিৰ দফাসমূহ পুৰণ নহ'লে এবছুয়ে পুনৰ আন্দোলনত নামিব বুলিও হুংকাৰ দিয়ে এবছুৰ কেন্দ্ৰীয় উপ-সভাপতি ৰোমদৌন বসুমতাৰীয়ে ৷