অসম

assam

BTR accord: বিটিআৰ চুক্তিৰ বিৰোধিতা কৰা ব্যক্তিৰ প্ৰতিকৃতি দাহ

By

Published : Mar 22, 2022, 10:47 PM IST

বিটিআৰ চুক্তিৰ বিৰোধিতা কৰি একাংশ বড়ো বুদ্ধিজীৱী আৰু একাংশ বিপিএফ নেতাৰ প্ৰতিকৃতি দাহ কৰিলে নিখিল বড়ো ছাত্ৰ সন্থাই ৷ বিটিআৰ চুক্তিৰ বিৰোধিতা কৰাসকলক সকীয়নি প্ৰদান কৰে এবছুৱে (ABSU burnt effigy at Mushalpur)৷

ABSU burnt effigy at Mushalpur
বিটিআৰ চুক্তিৰ বিৰোধিতা কৰা ব্যক্তিৰ প্ৰতিকৃতি দাহ

বাক্সা, ২২ মাৰ্চ: বিটিআৰ চুক্তিৰ বিৰোধিতা কৰি একাংশ বড়ো বুদ্ধিজীৱী আৰু একাংশ বিপিএফ নেতাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰ চপা কাৰ্যত নিখিল বড়ো ছাত্ৰ সন্থাই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ মঙলবাৰে বিটিআৰ চুক্তি বিৰোধিতা কৰা লোকসকলক সকীয়নি দিয়াৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰন্তৰ লগতে বাক্সা জিলা সদৰ মুছলপুৰত বাক্সা জিলা এবছুৰ উদোগত মুছলপুৰ আৰু বৰবৰী আঞ্চলিক এবছুৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বিটিআৰ চুক্তিৰ বিৰোধিতা কৰা ব্যক্তিৰ প্ৰতিকৃতি দাহ

প্ৰতিবাদীসকলে জনকলাল বসুমতাৰী মুৰ্দাবাদ, ছানচুমা খুংগুৰ বসুমতাৰী মুৰ্দাবাদ, চন্দন ব্ৰহ্ম হুচিয়াৰ, হিতেশ বসুমতাৰী মুৰ্দাবাদ, খাম্ফা বৰগয়াৰী হুচিয়াৰ আদি ধ্বনিৰ মুছলপুৰ চহৰ উত্তাল কৰি তোলাৰ লগতে বি টি আৰ চুক্তি বিৰোধিতা কৰা লোকসকলৰ প্ৰতিমূৰ্তি দাহ কৰে (ABSU burnt effigy at Mushalpur)৷ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বাগছা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে কয় যে, বিটিআৰ চুক্তিৰ জৰিয়তে বিটিআৰ অঞ্চলৰ জনসাধৰণে কেন্দ্ৰীয় বিশ্ব বিদ্যালয়, চিকিৎসা মহাবিদ্যালয়কে ধৰি বিভিন্ন উচ্চ পৰ্যায়ৰ অনুষ্ঠান প্ৰতিষ্ঠান লাভ কৰাৰ লগতে বড়োলেণ্ডলৈ শান্তি ঘূৰি আহিছে ৷

কিন্তু বড়োলেণ্ডত ঘূৰি অহা শান্তিক পুনৰ বিনষ্ট কৰাৰ উদ্দেশ্যে জনকলাল বসুমতাৰী, চন্দন ব্ৰহ্ম খাম্ফা ব্ৰহ্ম আদিৰ দৰে একাংশ তথাকথিত বুদ্ধিজীৱী তথা ৰাাজনৈতিক নেতা উঠি পৰি লাগিছে৷ তেওঁলোকৰ এই ষড়যন্ত্ৰক কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি সকিয়াই দি বিটিআৰ চুক্তিৰ বিৰুদ্ধ উচ্চ ন্যায়ালয়ত তৰা গোচৰ শীঘ্ৰে উঠাই লৱলৈ নেতা গৰাকীয়ে আহ্বান জনায়৷ অন্যথা বিটিআৰবাসী ৰাইজে তেওঁলোকক কেতিয়াও ক্ষমা নকৰিব বুলি তেওঁ উল্লেখ কৰে ৷

উক্ত কাৰ্যসূচীত বাক্সা জিলা এবছুৰ সম্পাদক নন্দেশ্বৰ বড়োকে ধৰি বহু নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়ক:আজিও অৱহেলিত তেজপুৰৰ ঐতিহাসিক গড় দৌল

ABOUT THE AUTHOR

...view details