অসম

assam

ETV Bharat / state

ABSU-Bodo Sahitya Sabha meeting: কেবিনেটত লোৱা সিদ্ধান্ত উঠাই ল’বলৈ মুখ্যমন্ত্ৰীক আহ্বান - বাক্সাৰ বৰমাত এবছু বড়ো সাহিত্য সভাৰ উদ্যোগত আলোচনা চক্ৰ

বাক্সাৰ বৰমাত এবছু-বড়ো সাহিত্য সভাৰ উদ্যোগত আলোচনা চক্ৰ(ABSU-Bodo Sahitya Sabha meeting at Baksa) ৷ চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা এবছু, বড়ো সাহিত্য সভাৰ ৷ কেবিনেটত লোৱা সিদ্ধান্ত উঠাই ল’বলৈ মুখ্যমন্ত্ৰীক আহ্বান এবছু, বড়ো সাহিত্য সভাৰ ৷

ABSU-Bodo Sahitya Sabha meeting at Baksa
কেবিনেটত লোৱা সিদ্ধান্ত উঠাই ল’বলৈ মুখ্যমন্ত্ৰীক আহ্বান

By

Published : Aug 6, 2022, 10:30 PM IST

বাক্সা, ৬ আগষ্ট: বাক্সা জিলাৰ বৰমাত শুকুৰবাৰে এবছু আৰু বড়ো সাহিত্য সভাৰ উদ্যোগত তৃতীয় শ্ৰেণীৰ পৰাই দ্বাদশ শ্ৰেণীলৈ অংক আৰু বিজ্ঞান বিষয়টো ইংৰাজীত পঢ়ুওৱাৰ সিদ্ধান্ত আৰু বিটিআৰ চুক্তিৰ ৬.৩ দফা ৰূপায়ণৰ সন্দৰ্ভত এক আলোচনা চক্ৰ অনুস্থিত হয় ৷ আলোচনা চক্ৰত বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে(Bodo Sahitya Sabha President Taren Boro) কয় যে, অসম কেবিনেটে লোৱা সিদ্ধান্তটো কোনোপধ্যেই মানি ল’ব নোৱাৰি ৷

তেওঁ লগতে কয় যে, বিটিআৰ চুক্তিৰ ৬.৩ত স্পষ্টকৈ উল্লেখ থকা ভেন্সাৰ স্কুল, কলেজৰ প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত চৰকাৰে যদি ইয়াক বাহাল ৰাখে তেতিয়া হ‘লে গোটেই বিষয়টো মষিমূৰ হ’ব ৷ তেওঁ বিটিচিৰ শিক্ষকৰ সমস্যা সন্দৰ্ভত ইতিমধ্যে বিটিআৰ চৰকাৰৰ শিক্ষা বিভাগক অৱগত কৰাৰ কথাও জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে তেওঁ অংক আৰু বিজ্ঞান বিষয়টো ইংৰাজী ভাষাত পঢ়ুওৱাৰ সিদ্ধান্তক বিৰোধিতা কৰি বড়ো সাহিত্য সভা আৰু এবছুৱে জিলাই জিলাই গৈ সজাগতা সভা অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰে ৷

কেবিনেটত লোৱা সিদ্ধান্ত উঠাই ল’বলৈ মুখ্যমন্ত্ৰীক আহ্বান

তেওঁ কেবিনেটত লোৱা এই সিদ্ধান্ত উঠাই ল’বলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় (Bodo Sahitya Sabha Appeal to assam CM) ৷ সভাত উপস্থিত থাকি এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয় যে, ইংৰাজীত পঢ়ুওৱাৰ সিদ্ধান্তটো চৰকাৰে বাতিল কৰিব লাগে ৷ চৰকাৰৰ এনে সিদ্ধান্তক কোনো কাৰণতে মানি লোৱা নহ’ব ৷ আলোচনা চক্ৰখনত তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ সভাপতি খনিন্দ্ৰ নাৰ্জাৰী, শালবাৰী জিলা বড়ো সাহিত্য সভাৰ সভাপতি ডম্বৰুধৰ বসুমতাৰী, বাক্সা জিলা বড়ো সাহিত্য সভাৰ সভাপতি শৰত চন্দ্ৰ ৰামছিয়াৰী, বড়ো সাহিত্য সভাৰ শাখা আৰু কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দৰ লগতে এবছুৰ বিষয়ববীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

লগতে পঢ়ক :Protest against jihadi at Barpeta: বৰপেটাত গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল

ABOUT THE AUTHOR

...view details