বাক্সা, 29 মে’:বিটিচিত আজি অবড়ো ৰাইজৰ সমঅধিকাৰ নাই ৷ অবড়োৰ নামত সাংসদ হৈ নিজা ইচুত মাত মতা নাই সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ আমি ইয়াত সংখ্যাগৰিষ্ঠতা হৈ আছো ৷ মিত্ৰতাৰ নামত ২২ লক্ষ অবড়ো লোকক বিক্ৰী কৰিছে সাংসদ নৱ শৰণীয়াই ৷ শনিবাৰে বাক্সা জিলাৰ সদৰ মুছলপুৰত অবড়ো সুৰক্ষা সমিতিয়ে এক সংবাদমেলৰ আয়োজন কৰি এই মন্তব্য কৰে(Aboro Suraksha Samiti press meet at Mushalpur) ৷
উক্ত সংবাদমেলযোগে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক(Secretary of Aboro Suraksha Samiti) যোগেশ্বৰ কলিতাই কয় যে, সাংসদ নৱ শৰণীয়া, মাধৱ ৰাজবংশী, ঘনশ্যাম দাস, ললিত হেমৰমৰ কথা অবড়ো ৰাইজে নামানে ৷ ৰাইজে অ-বড়ো সমৰ্থিত হীৰেন শৰণীয়াক ভোট দিয়ক ৷ লগতে অবড়ো সুৰক্ষা সমিতিৰ নামত দালালি কৰা সকলক প্ৰত্যাহ্বান জনায় সংগঠনটোৰ সম্পাদক যোগেশ্বৰ কলিতাই ৷
আনহাতে, অবড়ো সংগঠনৰ মুখপাত্ৰ (Spokesperson of Aboro Suraksha Samiti)জোন দাসে সংবাদমেলযোগে কয় যে, "অবড়ো ৰাইজ আজি জাগি উঠিছে ৷ জিএচপিৰ নামত দালালি কৰিছে একাংশ অবড়ো নেতাই ৷ স্বয়ম্ভু নেতাসকলে ইউ পি পি এল চৰকাৰে অবড়ো ৰাইজক ন্যায় দিব বুলি কৈ ওলোটা খৰ মাৰিলে ৷"