বাক্সা, 23 ডিচেম্বৰঃঅসম চৰকাৰে কেবিনেটত , বিটিএডিত অসমীয়া ভাষাক সহযোগী ভাষা হিচাপে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱাত তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ পৰিপ্ৰেক্ষিততে সোমাবাৰে সংগঠনটোৱে ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ৷
বাক্সাৰ তামুলপুৰৰ আন্তঃৰাষ্ট্ৰীয় পথত অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদ
অসম চৰকাৰে কেবিনেটত অসমীয়া ভাষাক বিটিএডিত সহযোগী ভাষা হিচাপে বলবৎ কৰাৰ সিদ্ধান্ত লৈছিল ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদ
প্ৰতিবাদকাৰী সকলে বিটিএডিত অসমীয়া ভাষাৰ অস্তিত্ব ৰাখক, বি টি এ ডিত অসমীয়া ভাষাক জীয়াই থাকিবলৈ দিয়ক, সৰ্বানন্দ সোণোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী ধ্বনিৰে ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে ।
লগতে পঢ়ক- আদালতত হাজিৰ আলফা নেতা জিতেন দত্তক