অসম

assam

ETV Bharat / state

বাক্সাৰ কাউৰবাহাত অচিনাক্ত মৃতদেহ উদ্ধাৰ - মৃতদেহ

এটা অচিনাক্ত মৃতদেহক কেন্দ্ৰ কৰি বাক্সা জিলাৰ কাউৰবাহা দদেৰীয়াপাৰ জানত চাঞ্চল্যৰ সৃষ্টি ৷

Abondend Death Body Rescue at baksha
বাক্সাৰ কাউৰবাহাত অচিনাকি মৃতদেহ উদ্ধাৰ

By

Published : May 26, 2020, 4:40 PM IST

বাক্সা, 26মেঃ বাক্সা জিলাৰ কাউৰবাহা দদেৰীয়াপাৰ জানত মঙলবাৰে পুৱাই স্থানীয় লোকে প্ৰত্যক্ষ কৰে এটা মৃতদেহ । মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগেই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হয় ৷ স্থানীয় লোকে কাউৰবাহা আৰক্ষী চকীত খবৰ দিয়াৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু গাঁওবুঢ়া উপস্থিত হয় ।

বাক্সাৰ কাউৰবাহাত অচিনাকি মৃতদেহ উদ্ধাৰ

আৰক্ষীয়ে স্থানীয় লোকসকলৰ সহযোগত মৃতদেহটো পুখুৰীৰ পৰা পৰালৈ উঠাই আনে । আনহাতে আৰক্ষী আৰু স্থানীয় লোকসকলে কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত অঞ্চলটোৰ বিভিন্ন নদ নদী বাঢ়ি অহাৰ ফলতেই মৃতদেহটো অন্য ঠাইৰ পৰা উটি অহাৰ সন্দেহ কৰিছে ৷ ইপনে কৰ‘ণা মহামাৰী আৰু লকডাউন অব্যাহাত থকাৰ মাজতে আকৌ অচিনাক্ত মৃতদেহ ওলোৱাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । আনহাতে বৰ্তমান লৈকে অচিনাকি মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়কঃ বাক্সাত বজ্ৰপাত পৰি এজন BSF জোৱানৰ মৃত্যু

ABOUT THE AUTHOR

...view details