বাক্সা, ২৩ আগষ্ট:পুনৰ ৰাজপথত আন্দোলন কৰাৰ হুংকাৰ অবড়ো সুৰক্ষা সমিতি অসমৰ (Non bodo organization threats to agitation)। এখন বিশেষ বৈঠকযোগে তেনে এক ইংগিত প্ৰদান কৰে অবড়ো সুৰক্ষা সমিতি অসমে (Non bodo Suraksha Samiti Assam) । বাক্সা জিলাৰ বৰমাত মঙলবাৰে অনুস্থিত হয় সংগঠনটোৰ এখন বিশেষ বৈঠক । বৈঠকত ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়াক এগৰাকী ব্যৰ্থ সাংসদ বুলি অভিহিত কৰে ।
অবড়োৰ নাম লৈ দুবাৰকৈ সাংসদ হোৱা নৱকুমাৰ শৰণীয়াই সংসদত বি টি আৰৰ অবড়ো ৰাইজৰ হকে আজিলৈকে এষাৰো মাত নমতাৰ অভিযোগ সংগঠনটোৰ । বি টি আৰৰ পৰা অবড়ো সংখ্যাগৰিষ্ঠ গাঁও (Non bodo villages in BTR) কৰ্তন, বি টি আৰত অবড়ো ৰাইজৰ ভূমি আৰু ভাষাৰ অধিকাৰ সুৰক্ষিত কৰা আদি দাবীসমুহ আছিল অবড়ো সুৰক্ষা সমিতিৰ মূল দাবী ৷
এই দাবী সমুহ পুৰণ নহ'লে ৰাজপথলৈ ওলাই আহিব বুলি মন্তব্য় কৰে অবড়ো সুৰক্ষা সমিতি অসমৰ সম্পাদক মাধৱ ৰাজবংশীয়ে ।