বাক্সা, 1 আগষ্ট:পৱিত্ৰ ঈদৰ দিনাই বাক্সা জিলাৰ তামুলপুৰত দ্বাৰকুচি আঞ্চলিক ABMSUৰ প্ৰতিবাদ সাব্যস্ত । ABMSUৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইচন হুছেইনৰ নেতৃত্বত অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰা সংগঠনটোৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় বিচাৰি ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷
প্ৰায় 2 শতাধিক প্ৰতিবাদকাৰীয়ে দ্বাৰকুচিত ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ হাতে হাতে প্লে' কাৰ্ড লৈ লাফিকুল ইছলাম আহমেদৰ হত্যাৰ বিচাৰ কৰক, হাগ্ৰামা মহিলাৰী মূর্দাবাদ, সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, চিবিআইৰ তদন্ত ৰাজহুৱা কৰক, লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, বিজেপি চৰকাৰ গ' বেক, ABMSU জিন্দাবাদ আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।