বৰপেটাৰোড, 24 অক্টোবৰ :বাক্সাৰ মৈৰাঝাৰত শুকুৰবাৰে নিশা সামৰণি পৰে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ শ্বহীদ দিৱস । প্ৰতিখন জিলা সমিতিৰ লগতে এবিএমছুৰ শালবাৰী জিলা সমিতিৰ উদ্যাগত আয়োজন কৰা হৈছিল এই অনুষ্ঠানৰ ।
বাক্সাত এবিএমছুৰ শ্বহীদ দিৱসৰ সামৰণি - বাক্সাত এবিএমছুৰ শ্বহীদ দিৱসৰ সামৰণি
বাক্সাত এবিএমছুৰ শ্বহীদ দিৱসৰ সামৰণি পৰে ৷ অনুষ্ঠানত উপস্থিত থাকে এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইচন হুছেইন ৷ হুছেইনে বৃহৎ জনগোষ্ঠীক অন্ধকাৰত ৰাখি বি টি আৰ চুক্তি স্বাক্ষৰিত কৰিলেও এবিএমছুৱে ইয়াৰ বিৰোধিতা কৰি যাব বুলি মন্তব্য কৰে ৷
অনুষ্ঠানত শ্বহীদ দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইচন হুছেইন । হুছেইনে কয় যে, এবিএমছুৰ উত্থান দেখি একাংশৰ মূৰৰ কামোৰণি হৈছে, যাৰ ফলত সংগঠনৰ নেতৃত্ব দিয়া নেতাসকলক হত্যাৰ টাৰ্গেট কৰা হৈছে । সম্পাদক গৰাকীয়ে লগতে কয়, শ্বহীদ লাফিকুল ইছলামৰ হত্যাৰ ন্যায় নোপোৱালৈকে অনাগত দিনত আন্দোলন কৰি যাব এবিএমছুৱে । বি টি আৰ চুক্তিৰ বিৰোধিতাৰে হুছেইনে কয় যে, বৃহৎ জনগোষ্ঠীক অন্ধকাৰত ৰাখি চুক্তি স্বাক্ষৰিত কৰিলেও এবিএমছুৱে ইয়াৰ বিৰোধিতা কৰি যাব ৷
অন্য এক খবৰৰ বাবে:ৰাজ্যত কৰ'ণা ভাইৰাছত মৃতকৰ সংখ্যা 900 গৰাকীলৈ বৃদ্ধি