অসম

assam

ETV Bharat / state

মধ্যাহ্ন ভোজনৰ দ্বায়িত্ব এন জি অ'ক দিয়াৰ বিৰুদ্ধে সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰতিবাদ

মধ্যাহ্ন ভোজনৰ খাদ্য যোগানৰ দ্বায়িত্ব এন জি অ'ক দিয়াৰ বিৰুদ্ধে সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ শিক্ষামন্ত্ৰীৰ প্রতিকৃতি দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷ কেবাখনো চৰকাৰী বিদ্যালয়ত ছাত্ৰ- ছাত্ৰীয়ে দীৰ্ঘ দিন ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হোৱা বুলি গুৰুতৰ অভিযোগ কৰে ছাত্ৰ সংগঠনটোৱে ৷

মধ্যাহ্ন ভোজনৰ খাদ্য যোগান এন জি অ'ক দিয়াৰ বিৰুদ্ধে সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Nov 5, 2019, 5:32 PM IST

বাক্সা, 5 নৱেম্বৰঃবাক্সাত মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীৰ প্রতিকৃতি জ্বলাই এ বি এম ছুৰ তীব্ৰ প্ৰতিবাদ ৷ মধ্যাহ্ন ভোজনৰ খাদ্য যোগান এন জি অ'ক দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সংখ্যালঘু সংগঠনটোৰ ৷

মধ্যাহ্ন ভোজনৰ খাদ্য যোগান এন জি অ'ক দিয়াৰ বিৰুদ্ধে সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমুহত চৰকাৰে যোগান ধৰা মধ্যাহ্ন ভোজনৰ খাদ্য এন জি অ'ক দিয়াৰ সিদ্ধান্ত গ্ৰহণৰ লগে লগে প্ৰতিবাদমুখৰ হৈ পৰে সমগ্ৰ ৰাজ্য ৷ বাক্সা জিলাৰ দীঘলদঙাত এ বি এম ছুৰ নেতা-কৰ্মী সকলে বৰমা - নিকাছি গড়কাপ্তানী পথত মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীৰ প্রতিকৃতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৱে চৰকাৰে মধ্যাহ্ন ভোজনৰ খাদ্য যোগান এন জি অ'ক দিয়াৰ লগে লগে ৰাজ্যৰ লাখ-লাখ ৰান্ধনী আৰু সহায়িকাৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিব বুলি মন্তব্য কৰে সংখ্যালঘু ছাত্ৰ সংগঠনটোৱে ৷

আনহাতে প্ৰতিবাদকাৰী সংগঠনটোৱে মুছলপুৰ মহকুমাৰ কেবাখনো চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে দীৰ্ঘ দিন ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হোৱাৰো আন এক গুৰুতৰ অভিযোগ কৰে ৷ অতি শীঘ্ৰে মধ্যাহ্ন ভোজনৰ খাদ্য যোগানৰ দ্বায়িত্ব এন জি অ'ক দিয়া বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷

ABOUT THE AUTHOR

...view details